ৰাধা : ৪২

 #ৰাধা

Part 42

প্ৰত্যাঘাতৰ মাত্ৰা সদায় আঘাততকৈ দুগুণ বেছি হয়। আঘাত কৰাজনৰ বিপদ সেয়ে বেছি। কাৰণ কেনেবাকৈ যদি সেই আঘাতৰ উত্তৰ আহে, ই সহ্যাতীত হৈ আহে। 

এতিয়া ৰাতি দুই বাজিছে। সন্ধ্যা শুবলৈ লৈও চকুত টোপনি অহা নাই। কিহে সলনি কৰে মানুহক! সময়ে, পৰিস্থিতিয়ে, ক্ষমতাই নে আপোন মানুহৰ প্ৰতাৰণাই! ৰাধাখনৰ প্ৰথম খণ্ডতে সেই দামুৰী এটা লখিমীত পৰোঁতেই হাইস্কুলত পঢ়ি থকা ৰাধাই পানীত জঁপিয়াই উদ্ধাৰ কৰিছিল। আৰু সেই একেজনী ৰাধাই সৰুৰে পৰা পোৱা আইতাকক বিহ খোৱাই অত্যাচাৰ কৰি মাৰি পেলালে। সন্ধ্যাই বুজি নাপাই ইয়াত দোষ কাক দিয়া যায়! আইন হাতত তুলি লোৱাৰ বাবে ৰাধাক দোষ দিব পৰা যায় নে! আইনে ৰাধাক ন্যায় দিব পাৰিলে হয় জানো! গৰ্ভত সন্তান লৈও এনে নৃশংস হত্যাকাণ্ড কৰিবলৈ কিমান বেছি আঘাত পাব লাগিব মানুহে! নাই, আচলতে এই যে যুক্তিবোৰ, বৌদ্ধিকতাৰ জ্ঞানবোৰ সেইবোৰ আনৰ লগত হ'লেহে কোৱা যায়। যেতিয়া নিজৰ লগত নিজৰ ঘৰত হয় তেতিয়া এইবোৰ যুক্তি ধোঁৱা হৈ উৰি যায়। তেতিয়া এটাই লক্ষ্য আহে, প্ৰতিশোধ। ৰাধাৰ ক্ষেত্ৰতো সেয়াই হৈছিল। দুঘণ্টাৰ পাছত অনুৰণ ওলাই যাব। সন্ধ্যা বিচনাত পৰিল। চকু জাপ খালে কি নাখালে, তাই সাৰ পালেই। চকু মেলিয়েই দেখে অনুৰণে গা ধুই আহি কাপোৰ পিন্ধিছে। তাই উঠি অহা দেখি অনুৰণে ক'লে,

"তুমি কিয় উঠিলা, মই যাম। আৰু অলপ শুই লোৱা। ৰাতি দেৰিকৈ শুইছা গম পাইছোঁ।"

"হেই, সেইবুলি একো নোখোৱাকৈ যাবা নেকি?"

কথাটো কৈ সন্ধ্যা উঠি যাবলৈ লওঁতেই অনুৰণে তাইক আকৌ শোৱাই দি ক'লে,

"মেডাম, মই ব্ৰেকফাষ্ট বাহিৰত কৰিম। অকল ময়েই নহয় আমাৰ টিমৰ গোটেই কেইজনে একেলগে কৰিম। তুমি এই চাৰিটা বজাতে গা ধুই পাকঘৰত সোমাব নালাগে। অলপ শুই লোৱা, ডেন ক্লাছ যাবা।"

সন্ধ্যাই বিচনাৰ পৰাই চালে অনুৰণলৈ। এই মাত্ৰ এজন মানুহলৈ চালেই সন্ধ্যাৰ নিজকে পৃথিৱীৰ আটাইতকৈ সৌভাগ্যশালী যেন লাগি যায়। ইমান ভালপোৱা কেনেকৈ দিব পাৰে কোনোবাই! অনুৰণে সন্ধ্যাৰ কপালত চুমা এটা খাই ওলাই গ'ল। সন্ধ্যাৰ পুনৰ চকু লাহে লাহে জাপ খাই আহিল।

প্ৰায় তিনি ঘণ্টা মানৰ মূৰত সন্ধ্যাই অন্তৰাৰ চিঞৰত সাৰ পালে,

"ৰুণজুন বা, চোৱাহি না কোন আহিছে।"

চকু মোহাৰি সন্ধ্যা উঠি আহিছিল। সমুখৰ ৰূমটোত মানুহজনক দেখিয়েই সন্ধ্যাৰ টোপনি কেনিবাদি পলাল। প্ৰায় চিঞৰাৰ দৰে ক'লে তাই,

"দেউতা, আপুনি? ঘপকৈ যে!"

অনুৰণৰ দেউতাকে হাঁহি মাৰি ক'লে,

"চাৰপ্ৰাইজ আকৌ।"

সকলোৰে কথাত অনুৰণৰ মাকেও সাৰ পালে। আহিয়েই গিৰিয়েকক দেখি তেওঁ আচৰিত হৈছিল,

"আপুনি এনেকৈ নোকোৱা নেমেলাকৈ ওলালহি যে!"

"কোৱা হ'লে তুমি আহিবলৈ দিলাহেঁতেন নে?"

অন্তৰা আৰু সন্ধ্যাই হাঁহি পেলালে। মাকে আকৌ ক'লে,

"সেইবুলি এনেকৈ খবৰ খাটি নিদিয়াকৈ মানুহ আহে নেকি? মোকতো ক'ব পাৰে?"

এইবাৰ অনুৰণৰ দেউতাক হঠাৎ গহীন হৈ গ'ল। তেওঁ আগুৱাই আহিল মাকৰ ওচৰলৈ। সন্ধ্যা আৰু অন্তৰাই ইজনীয়ে সিজনীৰ মুখলৈ চালে। দেউতাকে গালি পাৰি নিদিয়েতো। বেছি খং উঠি গ'ল নেকি! এইবোৰ ভাবি থাকোতেই দেউতাকে মাকৰ কাষলৈ গৈ গহীন সুৰত ক'লে,

"মেই ঘুমু ফিৰো নাচো গাও বাহৰ যাওঁ অকেলা যাওঁ কিছিকে চাথ যাওঁ যাহা যাওঁ জব যাওঁ জেইছে ভি যাওঁ, আপকো ক্যা?"

লগে লগেই সন্ধ্যা, অন্তৰা আনকি অনুৰণৰ মাকেও হাঁহিত যেন ফাটি পৰিল। অন্তৰা হাঁহি হাঁহি মজিয়াত বহি গৈছে। মাক চোফাতে ধমহকৈ পৰিছে, এইফালে সন্ধ্যাৰো অৱস্থা নাই। পাকঘৰত মনুৱেও হাঁহি হাঁহি ৰ'ব নোৱাৰা হৈছে। হিন্দী চিৰিয়েল "অনুপমা"ৰ এই বিখ্যাত ডায়লগটো যে তেওঁ এনেকৈ মুখস্থ কৰি মাতিব ভবা নাছিল কোনেও। হাঁহি হাঁহি যেনে তেনে নিজক ৰখাই সন্ধ্যাই ক'লে,

"দেউতা, আপুনিও চিৰিয়েল চাই?"

"নাচাই কি কৰিবা হে? এওঁতো অকলে এৰি গুচিয়েই আহিল।"

এইবাৰ মাকে ক'লে,

"দেউতাৰৰ কথা শুনিছা ৰুণজুন, মই থাকিলেও তেওঁ চিৰিয়েলতে বিজি। মাজে মাজে কওঁ মই, বোলো মই ৰুণজুনহঁতৰ তালৈকে যাম গৈ আপুনি অনুপমাজনীকে আনি লওক।"

দেউতাকে পুনৰ ক'লে,

"কি কথা কোৱাহে? এনেই বনৰাজ আৰু অনুজক বেচেৰীয়ে চম্ভালিব পৰা নাই। আকৌ মোকো যাবলৈ কোৱা নে!"

পুনৰ হাঁহিৰ জোৱাৰ। অনুৰণৰ দেউতাক এনেকুৱাই। ৰঙিয়াল মানুহ, যতেই থাকে তাতেই অকল হাঁহি বিলাই ফুৰে মানুহজনে। যিমান গহীন হৈ থাকিলেও মানুহজনে পগলাৰ দৰে হহুৱাই দিব পাৰে। অনুৰণৰ মাকে "এই বয়সত চুপতি মাৰে লাজো নাপাই" বুলি হাঁহি হাঁহি তেওঁৰ বেগটো লৈ নিজৰ ৰুমলৈ সোমাই গ'ল। সন্ধ্যাই হাঁহিৰ মাজতে শাহুয়েকলৈ চালে। এতিয়াৰ এই মানুহজনীহে তাইৰ আপোনৰো আপোন। এই মানুহজনীহে তাইৰ চিনাকি! কিন্তু, তাৰ মাজতেই যে! শহুৰেকে হয়তো তাইৰ মনটো বুজি পাইছিল। তাইৰ ওচৰলৈ আহি ক'লে,

"মই আহিলোঁ যেতিয়া চব ঠিক কৰি দিম।"

"আপুনি অহাৰ লগে লগেই চব ঠিক হৈছে দেউতা। যাওক, ফ্রেছ হৈ লওক। মই চাহ কৰো।" বুলি কৈ সন্ধ্যা ৰুমলৈ গ'ল। অভিমন্যু এতিয়াও শুই উঠাই নাই। সন্ধ্যাই গা পা ধুই ব্ৰেকফাষ্ট সাজু কৰি তাক জগাই দিলেগৈ। উঠি আহিয়েই সি অনুৰণৰ দেউতাকৰ লগত আড্ডা দিবলৈ লাগি গ'ল। সন্ধ্যাৰ আজি ক্লাছ দেৰিকৈ যদিও সকলোকে খোৱা বোৱা যতনাই দি তাই সোনকালেই ওলাল। উদ্দেশ্য এটাই, ষ্টাফৰুমতে শান্ত হৈ তাই "ৰাধা"খন পঢ়িব। ভবা মতেই কলিগ কেইজনক মাত লগাই তাই কিতাপখন মেলি ল'লে।


"মোক অকলে কিয় এৰি গ'লি ঐ মাই? মই কাৰ লগত থাকিম! মোক, মোক কিয় এনেকুৱা কৰিলি তই অ'? উভতি আহ ঐ মা, উভতি আহচোন।"

বৈকুণ্ঠৰ বুকু ফালি যোৱা আস্ফালনত গোবিন্দপুৰৰ আকাশ যেন খহিহে পৰিব। স্নেহালয়ৰ বহল চোতালখনতো নধৰা হৈছে আজি মানুহে। চোতালৰ তুলসী এজোপাৰ ওচৰতে শোৱাই থৈছে মনোহৰাক। কাষতে বহি বৈকুণ্ঠই পগলাৰ দৰে কান্দিছে। মাজে মাজে নিজেই নিজৰ চুলি আজুৰি ছিঙিব ধৰিছে। মাজে মাজে কাষতে থকা সাদৰীক জোকাৰি দিয়ে,

"তই থাকোতে মাৰ কিয় এনেকুৱা হ'ল? তই কিয় বচাব নোৱাৰিলি?"

সাদৰীয়ে মানুহখিনিৰ আগত কান্দি কান্দি কৈছিল,

"মাৰ লগতে মোকো চিতাত তুলি দিয়ক, মোৰ আপত্তি নাই। কিন্তু মই নোৱাৰিলোঁ মাক বচাব। তেজাই সকলো গহনা গাঁথৰি লৈ গ'ল। যাওঁতে মাক বিহ খোৱাই...."

কথাটো কৈ কৈ সাদৰীয়ে চাদৰৰ আঁচলেৰে মুখ ঢাকি কান্দিছিল। তাইৰ কথা সঁচা বুলি হয়ভৰ দিছিল পোনাৰামে। বিশ্বাস নকৰিবলগীয়া একো থলেই নাছিল। স্বভাৱতেই আলফুল সাদৰীক হত্যাকাৰী বুলি গোবিন্দপুৰৰ কোনো মানুহে সপোনতো ভাবিব নোৱাৰে। মানুহবোৰৰ মাজতে এইবাৰ ৰাধা লাহে লাহে সোমাই আহিছিল। নঙলা পাৰ হৈয়ে তাই ৰৈ গ'ল। একেথৰে বৈকুণ্ঠলৈ চালে। জপৰা চুলিৰে মাটিত হাত ভৰি এচাৰি চিঞৰি চিঞৰি কান্দি অসহায় হৈ পৰা বৈকুণ্ঠক চাই তাইৰ যেন বুকুখন শাত পৰি গৈছে। এনেতে বৈকুণ্ঠই ৰাধালৈ চালে। লগে লগে সি উঠি আহি তাইৰ হাতত ধৰিলেহি,

"ৰাধা, ৰাধা ঐ! মায়ে আমাক এৰি গুচি গ'ল অ'। চাচোন ৰাধা, আমি একেবাৰেই অকলশৰীয়া হৈ গ'লো অ'। আমাৰ, আমাৰ ঘৰখন উদং হৈ গ'ল অ' ৰাধা।"

বৈকুণ্ঠৰ কথাৰ লগে লগে ৰাধাই চোতালত পৰি থকা মনোহৰাৰ দেহটোলৈ চালে। তাৰপাছত সিহঁতৰ স্নেহালয়লৈ। সঁচাই, কিদৰে যে মৰিশালি হৈ গ'ল এই ঘৰখন। ৰাধা ৰৈ গ'ল কেই মুহূৰ্তমানৰ বাবে। চকুযোৰ ভৰি আহিল তাইৰ। থকথককৈ কঁপিবলৈ ধৰিছিল। ফেঁকুৰি উঠিল ৰাধাই বৈকুণ্ঠক সাৱটি ধৰি। বৈকুণ্ঠইও তাইক আঁকোৱালি হুকহুকাই কান্দিলে,

"চব শেষ হৈ গ'ল অ' ৰাধা। আমাৰ চব শেষ হৈ গ'ল।"

চোতালত থিয় হৈ অবাক দৃষ্টিৰে ৰাধা আৰু বৈকুণ্ঠলৈ চালে সাদৰীয়ে। ৰাধা দুৰ্বল হৈ পৰা নাইতো! প্ৰতিশোধৰ এতিয়াও অন্তিমটো ঘাত বাকী। এতিয়াই যদি তাই এনেকুৱা হয়, পাৰিব জানো! কেনেবাকৈ ৰাধাৰ মন সলনি হৈ নাযায়তো! সাদৰীয়ে আগুৱাই গৈ ৰাধাক সান্তনা দিয়াৰ দৰে ধৰি ধৰি লৈ আনিলে। আনোতে তাইৰ কাণে কাণে ক'লে,

"এইবোৰ কি কৰিছা ৰাধা, কাৰ কাৰণে কান্দিছা? এইবোৰ মানুহেই শৰতক কাঢ়ি নিছিল, আইক ইচ্ছামৃত্যু ল'বলৈ বাধ্য কৰাইছিল, দেউতাক শেষ কৰি পেলালে। সেইবোৰ কি পাহৰি গ'লা?"

ৰাধাই কান্দিয়েই আছিল। এবাৰত চকুপানী মোহাৰি তাই সাদৰীক ক'লে,

"স্কুলত থাকোঁতে ভেশচন প্ৰতিযোগিতাত কইনা হৈ বহুত কান্দিলো নহয়। অভ্যাস আছে মোৰ খুৰী।"

ঘপকৈ ওলাই আহিব খোজা হাঁহিটো খুব কষ্টৰে হেঁচি ৰাখিলে সাদৰীয়ে। তাই ভবাও নাছিল যে ৰাধাই ইমান নিখুঁতকৈ অভিনয় কৰিছে। মনোহৰাৰ মৃতদেহৰ ওচৰত উচুপি থকা ৰাধাক দেখিলে কোনে বিশ্বাস কৰিব এই মানুহজনীক যে তায়েই মাৰি পেলালে। ৰাধাই বৈকুণ্ঠকো কান্দি কান্দি কৈছে,

"এইবোৰ কি হৈ গ'ল অ' ডাঙৰ খুড়া!"

সাদৰীয়ে ৰাধালৈ চাই ভাবি আছে, সৰুৰে পৰাই ৰাধাক দেখিছে তাই। যিকোনো কথা সমুখত কৈ দিয়া ছোৱালীজনী খঙাল যদিও তেনেই সৰল আছিল। অন্যায় সহ্য নকৰিছিল যদিও অভিনয়, কূটনীতি, হিংসা, হত্যা এইবোৰ নাছিল ৰাধাৰ মনত। স্ফটিকৰ দৰে স্বচ্ছ আছিল ৰাধা। কিন্তু আজিৰ এই ছোৱালীজনী, এজনী পৰিপক্ক হত্যাকাৰী লৈ সলনি হৈ উঠিছে। খোজে খোজে আজি তাইৰ কুটিলতা, চকুত প্ৰতিশোধৰ জুই। কাৰ দোষ এয়া, সলনি জানো মানুহে নিজৰ চখত হয়! মানুহক সলনি কৰি পেলোৱা হয়। বেয়া মানুহবোৰে কল্পনাও কৰিব নোৱাৰে যে ভাল মানুহবোৰ যদি বেয়া হ'বলৈ হয়, বৰ ভয়ংকৰ ভাবে বেয়া হৈ যাব পাৰে। সৰল মানুহে যদি নিজৰ সৰলতা এৰি দিয়ে, তেওঁলোকৰ দৰে কুটিলতা আন কোনোৱেই কৰিব নোৱাৰে। ৰাধাৰ ক্ষেত্ৰতো সেয়াই হৈছে। বৈকুণ্ঠ আৰু মনোহৰাৰ কূটনীতিয়ে বাধ্য কৰিছে ৰাধাক এই ৰূপ ল'বলৈ। এতিয়া নিজে ভোগাৰ বাহিৰে আন গত্যন্তৰ নাই।

সময়বোৰ পাৰ হৈছে। মনোহৰা ঢুকুৱাৰ আজি এমাহতকৈ বেছি হ'ল। বৈকুণ্ঠ যোৱা মাহটো জুপুকা মাৰি মাৰি ঘৰতেই সোমাই থাকে। কেতিয়াবা মাকৰ কোঠাত সোমাই জোৰে জোৰে কান্দে। পুলিচে বহুত চেষ্টা কৰিলে তেজাক বিচাৰিবলৈ, কিন্তু নাপালে। আচলতে পুলিচলৈও বিশেষ নম্বৰ এটাৰ পৰা ফোন আহিছিল,

"প্ৰাণৰ মমতা আছে যদি মনোহৰা চৌধুৰীৰ কেছটো বন্ধ কৰক।"

তাৰ পাছতে ৰৈ গ'ল কেছটো। অসহায় বৈকুণ্ঠই মানি ল'বলৈ বাধ্য হ'ল। আজিকালি সি সাদৰীৰ একান্ত বাধ্য। ওলোটাই কথা এষাৰো নকয়। মাজে মাজে ৰাধা আহে। বৈকুণ্ঠই তাই আহিলেই কিবা বাহানা উলিয়াই আঁতৰি ফুৰে। মাজে মাজে সি ভানুমতী আইৰ কোঠালিটোলৈ ভয়ে ভয়ে চায়। অনবৰতে এটা ভয়ে বৈকুণ্ঠক খেদি ফুৰে। কি ভাবিছিল সি, কিন্তু আজি কি হ'ল গৈ! সকলো অংক খেলিমেলি হৈ গ'ল। কিন্তু তাৰ মাজতো ক্ষীণ আশা এটা ৰাখি থৈছে বৈকুণ্ঠই। যেনে তেনে হ'লেও এই ঘৰটো ভাঙি অট্টালিকা এটা সাজিবই সি। দেউতাক ধৰ্ম নাৰায়ণ বৰ্তমান মানসিক ভাৱে অসুস্থ, চৌধুৰী বংশৰ আটাইবোৰ অকল তাৰ হাতত এতিয়া। এই অনুভৱটোৱে কেতিয়াবা মাক নোহোৱা হোৱাৰ কথাটোও পাহৰাই দিয়ে তাক। লাহে লাহে মানি লয় বৈকুণ্ঠই, ৰণ হ'লে দুয়ো পক্ষৰ মানুহেই ৰণত পৰে। বৈকুণ্ঠৰ এইখন ৰণত যেনিবা তাৰ মাকেই পৰিল। কিন্তু সাম্ৰাজ্যৰ অধিকাৰীতো সিয়েই হ'ল। লাহে লাহে কথাবোৰ স্বাভাৱিক হ'ল। বৈকুণ্ঠ আকৌ ওলাবলৈ ল'লে। সাদৰীক ৰাধাৰ লগত বেছি সম্পৰ্ক ৰাখিবলৈ মানাও কৰিলে। পুৰণা বৈকুণ্ঠটো ঘূৰি আহিছিল যেন। এনেকুৱা দিনতে এদিন হঠাৎ স্নেহালয়ৰ সমুখত ডাঙৰ জীপ গাড়ী এখন ৰ'লহি। বৈকুণ্ঠ তেতিয়া ঘৰত নাছিল। সাদৰীয়ে গাড়ীখন দেখি বাৰাণ্ডালৈ ওলাই আহিল। গাড়ীৰ পৰা নামি অহা মানুহ এজনে সুধিলে,

"বৈকুণ্ঠ দাদা আছে নে?"

"তেখেত অলপ ওলাই গৈছে। আপোনালোক?"

"আমি তেখেতক বিচাৰি আহিছিলোঁ।"

"অলপ বহকচোন, আহিবৰ হৈছেই।"

সাদৰীয়ে তেওঁলোকক চ'ৰাঘৰতে বহিবলৈ দিলে। সেই সময়ত তাই সপোনতো ভবা নাছিল যে পুনৰ আন এক অন্যায়ৰ সাক্ষী হ'বলৈ গৈ আছে স্নেহালয়।

অলপ পাছতে বৈকুণ্ঠ আহি ওলাল। আহিয়েই মানুহ কেইজনক দেখি ক'লে,

"আপোনালোক আহি পালে ন? আহক ভিতৰলৈ। আপোনালোকে লৈয়ে যাব পাৰিব।"

সাদৰীয়ে একো বুজি নাপাই সুধিলে,

"কি নিবলৈ আহিছে তেওঁলোক?"

বৈকুণ্ঠই একো উত্তৰ নিদিলে। মানুহ কেইজন ধৰ্ম নাৰায়ণৰ কোঠালৈ আগুৱাই গ'ল। সাদৰীৰ কিবা এটা সন্দেহ হ'ল। তাই দৌৰ মাৰি মানুহ কেইজনক আগভেটি ধৰিলে,

"কি কৰিবলৈ ওলাইছে আপোনালোকে?"

উত্তৰটো বৈকুণ্ঠয়েই দিলে,

"আঁতৰ হ, বুঢ়াক পগলা ফাটেকলৈ পঠিয়াও।"

সাদৰীৰ কাণত যেন বিজুলী বৰষিছিল। চিঞৰি উঠিল তাই,

"কি ক'লে? দেউতাক আপুনি পগলা ফাটেকলৈ পঠাই? যিজন মানুহে আপোনাক ডাঙৰ কৰিলে আজি তেওঁক আপুনি! ছিঃ, এনেকুৱা সন্তান জন্ম হওঁতেই মৰি যোৱাই ভাল।"

লগে লগে সকলোৰে আগতে এটা প্ৰচণ্ড চৰ সাদৰীৰ গালত পৰিল। চৰ মাৰিয়েই ক্ষান্ত নাথাকি বৈকুণ্ঠই সাদৰীক হাতত ধৰি টানি নি কোঠাত সোমোৱাই দুৱাৰ বাহিৰৰ পৰা হুক মাৰি দিলে। সাদৰীয়ে চিঞৰি চিঞৰি কান্দি থাকিল,

"এৰি দিয়ক মোক। যাবলৈ দিয়ক। দেউতাক পঠাই নিদিব। কাৰ কি হৈছে দেউতা থকাৰ কাৰণে? ইমান অন্যায় নকৰিব। দেউতা....."

নাই, সাদৰীয়ে প্ৰাণ কাতৰ চিঞৰেও বৈকুণ্ঠৰ বুকু গলাব নোৱাৰিলে। যাবলৈ মন নথকা সত্ত্বেও ধৰ্ম নাৰায়ণ চৌধুৰীক টানি আজুৰি উলিয়াই লৈ যোৱা হ'ল। যোৱাৰ সময়ত পিছে বৈকুণ্ঠৰ কাগজ কেইখনমানত দেউতাকৰ বুঢ়া আঙুলিৰ চাপ ল'বলৈ নাপাহৰিলে। ধৰ্ম নাৰায়ণৰ যদিও স্মৃতি লোপ পাইছিল তথাপি তেওঁ ঘৰখন এৰি যাব খোজা নাছিল। গোবিন্দপুৰৰ সম্ৰাট হেন প্ৰভাৱশালী মানুহজনক গুৰিয়াই লঠিয়াই লৈ যোৱা হ'ল ঘৰৰ পৰা। নঙলাৰ মুখতে পোনাৰামে গৈ বাট ভেটিছিল,

"মাজু ল'ৰা অ', কাবৌ কৰিছোঁ এনে মহাপাপ নকৰিবি। দৌতাক এনেকৈ খেদি নিদিবি অ'। ঈছৰলৈ অলপ ভয় কৰ।"

বৈকুণ্ঠই পোনাৰামক গতিয়াই দি ক'লে,

"কটা গোলামৰ সঁচ, আজি চাকৰেও মোক জ্ঞান দিব পৰা হ'লি! তোকো সোনকালেই উলিয়াম।"

ভিতৰত কান্দি কান্দি পাগলী হৈছিল সাদৰী। মানুহ ইমান নিৰ্দয় হ'ব পাৰে নে! গুচি গ'ল, স্নেহালয়ৰ মূল মানুহজন, গোবিন্দপুৰৰ দেৱতা সদৃশ মানুহজনক গাড়ীত তুলি ধূলি উৰুৱাই গাড়ী পগলা ফাটেকৰ দিশে গুচি গ'ল। দুই একে সুধিছিলহি বৈকুণ্ঠক। সি মাত্ৰ ক'লে, "দেউতাক চিকিৎসাৰ বাবে দূৰলৈ পঠাইছোঁ।" মানুহবোৰে সন্দেহ কৰাৰ থল নাথাকিল। কাঠচিতীয়া বৈকুণ্ঠ অৱশেষত একেবাৰে নিষ্কণ্টক হৈ স্নেহালয়ৰ ৰাজপাটত বহিল। ধৰ্ম নাৰায়ণৰ আৰামী চকীত বহি সি অট্টহাস্য কৰিলে। এতিয়াৰ পৰা এই স্নেহালয় ভাঙি ইয়াত সজা হ'ব বৈকুণ্ঠ মেনশ্যন। সাদৰীয়ে পুনৰাই একো নক'লে গিৰিয়েকক। মাত্ৰ তাৰ অলপ দিন পাছতে ৰাধালৈ খবৰ পঠালে,

"পিছফালৰ হাঁহ এটা বৰ নোদোকা আৰু তেজাল হৈ আহিছে, এদিন কাটি কোমোৰাৰ সৈতে ৰান্ধিব লাগিছিল।"


পুৱতি নিশা কোনোবাই দুৱাৰত টুকুৰিয়াই থকাত ৰাধাই দুৱাৰ খুলি দিলে। সোমাই আহিছিল সৰুকণ। আহিয়েই সি সৰু ল'ৰাৰ দৰে কান্দিবলৈ ল'লে। ৰাধাই বাৰে বাৰে সোধাৰ পাছত সি ক'লে,

"কেনেকৈ পাৰিলে সি ৰাধা? তই মই আমি বাৰু সতীয়া, কিন্তু নিজৰ দেউতাকক সি কেনেকৈ পগলা ফাটেকলৈ পঠাব পাৰিলে?"

ৰাধাই তাৰ মূৰত হাত ফুৰাই ক'লে,

"যেতিয়া সম্পত্তিৰ খঁকে মানুহৰ মূৰ ভৰি থাকে, তেতিয়া সম্পৰ্ক চোৱা নাযায়।"

"তোৰ দুখ লগা নাই ৰাধা? দেউতাৰ কি হৈ গ'ল এইবোৰ!"

ৰাধাই সেমেকা হাঁহি এটা মাৰিলে। লগতে এটি হুমুনিয়াহ সৰাই ক'লে,

"কি বুলি দুখ কৰিম! কোনটো দুখৰ বাবে কান্দিম মই! অকল দুখেইতো পাইছোঁ। দেউতা সৰুতেই মৰিল, মায়ে জীয়েক বুলি চিনাকি দি দি আমনি পাই গুচি গ'ল, তই আঁতৰি গ'লি, আয়ে এৰি গ'ল, কানাইও কাষত নাই। যাৰ হাতত ধৰি গোটেই জীৱনটোৰ সপোন দেখিছিলোঁ, সেই শৰৎ দাকো কাঢ়ি লৈ গ'ল। এতিয়া কি আছে মোৰ হেৰুৱাবলৈ ক! কাইলৈ যদি কিবা এটা হৈ মোৰ সন্তানটোও....."

সৰুকণে ৰাধাৰ মুখত হাত দিলে,

"এনেকুৱা কথা নক'বি ৰাধা। একো নহয় তোৰ সন্তানৰ। আমাৰ দৰে জীৱন এটা নিদিওঁ এই শিশুক।"

"সৰু দা, মই যে মাক হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছোঁ। নিজৰ বংশৰ তেজেৰে হাত ৰঙা কৰি কোন সতে এই কেঁচুৱাটোক ডাঙৰ কৰিম! তাতকৈ মই ভাবো এনে কোনোবাই এই শিশুৰ দায়িত্ব লওক যি নিৰ্মল পানীৰ দৰে শুদ্ধ। যাৰ বুকুত অকল আৰু অকল ভালপোৱা আছে।"

"এইবোৰ নক'বিচোন ৰাধা। তই বৈকুণ্ঠৰ কথা কি ভাবিছ?"

ৰাধাৰ মুখখন এইবাৰ কঠোৰ হৈ আহিল,

"সেই কুকুৰৰ আৰু বেছিদিন নাই। দুই এদিনৰ আয়ুস আছে তাৰ হাতত।"

"তেন্তে সোনকালে কৰ। মোৰো খবৰ আহিছে, মই উভতি যাব লাগে।"

"তই আকৌ....?"

"যাব লাগিব ৰাধা, সেই বাটত উভতি অহাৰ পথ নাই।"

ৰাধা অলপ ৰ'ল। তাৰ পাছত ক'লে, "পৰহিলৈ অমাৱস্যা নহয় জানো! সেইদিনাই আহিবি তেন্তে।"

"হ'ব" বুলি কৈ সৰুকণ ওলাই গ'ল। ৰাধা ব্যস্ত হ'ল এক নতুন আঁচনিত।


অহৰহ বাজি থকা ফোনটো হাতত ল'লে সন্ধ্যাই। শাহুয়েকে কৰিছে,

"ৰুণজুন, ক'ত আছা তুমি?"

"ইউনিভাৰ্চিটিতে আছোঁ মা।"

"ই বাবা পাগল হ'ল নেকি, ই উজ্জ্বলক গ্ৰেপ্তাৰ কৰিছে যে!"

"কি?"

সন্ধ্যাই গম পালে, কথাটো চোন ডাঙৰ হ'ব এতিয়া। তাই শাহুয়েকৰ ফোনটো কাটি অনুৰণলৈ লগালে,

"ৰণ..."

"এতিয়া একো ক'ব নোৱাৰিম সন্ধ্যা। তুমি পাৰিলে আজি ছুটী লৈ ঘৰলৈ গুচি আহিব পাৰিবা?"

"কিন্তু কিয়?"

"ইটছ আৰ্জেন্ট।"

অগত্যা সন্ধ্যাই সিহঁতৰ এইছ অ' ডিৰ লগত কথা পাতি দুদিনৰ ছুটী ল'লে। শিক্ষক হিচাপে সদায় চিৰিয়াছ সন্ধ্যাক তেখেতে নিৰাশ নকৰি ছুটী দিলে। লৰালৰিকৈ তাই ঘৰলৈ আহিল। অভিমন্যু তেতিয়ালৈ নিজৰ কামলৈ গৈছিল। ঘৰত মাকে অনুৰণক গালি পাৰি আছে। দেউতাকে বুজাইছে যদিও কামত অহা নাই। সন্ধ্যা সোমোৱাৰ পাছতে অনুৰণো গৈ সোমাল গৈ। লগত লৈ গৈছিল এজনী সৰু ছোৱালী। ছোৱালীজনী চিনি পালে, সেই অন্নপ্ৰসনত লগ পোৱা ছোৱালীজনী। যিজনীক তাই নেহেৰু পার্কৰ সমুখতো পাইছিল। তাই সন্ধ্যাক দেখিয়েই উচুপি উচুপি সাৱটি ধৰিলেহি। সন্ধ্যাই অনুৰণক সুধিলে,

"কি হৈছে এইবোৰ অনুৰণ?"

অনুৰণে সকলোকে কৈ গ'ল,

"উজ্জ্বল দাই এটা বৃহৎ নাৰী দেহ চক্ৰ চলাই আছিল। তেওঁ ঘৰলৈ প্ৰথমে ছোৱালীবোৰ পঢ়ুৱাম বুলি আনে আৰু সিহঁতক বাহিৰৰ ৰাজ্যলৈ চালান দিয়ে। খুব দুখীয়া ঘৰৰ ছোৱালী সিহঁত, কোনে কোৰ্টত আহি কেচ খেলিব! কথাবোৰ তেনেকৈয়ে থাকি যায়। কিন্তু এইবাৰ তেওঁ মাথা মাৰিলে, একেলগে কেইবাজনীও ছোৱালীক বিক্ৰী কৰিবলৈ। তাৰ বাবে পুতেকৰ অন্নপ্ৰসনলৈ অনাথ আশ্ৰমৰ ছোৱালীবোৰক মাতিলে আৰু সুযোগ বুজি তাৰেই কেইজনী মানক এইদৰে বেচিবলৈ লৈছিল। কিন্তু ছোৱালীবোৰৰ মাজৰ এইজনী ছোৱালীৰ বাবেই আমি সিহঁতক ধৰিব পাৰিলোঁ। এই সিহঁতৰ মাজেৰেই এজনৰ পৰা সাহস কৰি পুলিচলৈ ফোন লগালে। যাৰ বাবে আমাৰ কামবোৰ সহজ হৈ গ'ল।"

অনুৰণ মাক দেউতাক আৰু সন্ধ্যা সকলোৰে মুখৰ মাত নোহোৱা হৈছিল। মানুহ এনেকুৱাও হ'ব পাৰে নে! অনুৰণে পুনৰ ক'লে,

"ৰুণজুন, ফৰ্মেলিটিজবোৰ হৈ যোৱালৈকে তুমি এইক ইয়াতে ৰাখিব পাৰিবা নে? তাইক বেলেগত ৰখাৰ অলপ ৰিস্ক আছে। বেচেৰীয়ে ভয়ো খাইছে খুব।"

"চিওৰ, ইয়াতে থাকিব তাই। তুমি যোৱা। মই কাইলৈৰ বাবেও ছুটী লৈছোঁ। থাকিম তাইৰ লগত।"

অনুৰণ ওলাই যোৱাৰ পাছত সন্ধ্যাই ছোৱালীজনীক নি গা ধুৱাই দিলে। লগতে চাহ আৰু কেক খুৱালে। লাহে লাহে ছোৱালীজনী সহজ হৈ পৰিছিল। বিশেষ কথা কোৱা নাছিল যদিও দুই এটা কথাত হাঁহিছিল। তাইৰ হাঁহিটোৱে সন্ধ্যাক যে এটা বেলেগ তৃপ্তি দিছিল। খোৱা বোৱাৰ পাছতে সন্ধ্যাই তাইক শুবলৈ দি পুনৰ কিতাপখন পঢ়িবলৈ লৈছিল।


আজি ৰাতিপুৱা বৈকুণ্ঠৰ শুই উঠা অলপ পলম। উঠিয়েই হাত মুখ ধুই সি সাদৰীক মাতি চাহ বিচাৰিলে। তাইৰ মাত নুশুনি সি পিছফালে কুঁৱাৰ পাৰ পালেগৈ। সেইখিনি পায়েই বুকুখন চিৰিংকৈ গ'ল তাৰ। সাদৰীয়ে ভানুমতী আইৰ নগা দাখন পানীৰে ঘঁহি ঘঁহি ধুই আছে।

"এইখন কিয় উলিয়ালা? আৰু এনেকৈ ধুই আছা যে?"

ভয়ৰ কোবতে সাদৰীক তুমি বুলিয়েই সম্বোধন কৰিলে সি। সাদৰীয়ে তলমূৰকৈ থাকিয়েই ক'লে,

"বহুদিন হ'ল এনেয়ে পৰি আছে। ভাবিছো কাৰোবাক দিয়েই দিম। এইবোৰ ঘৰত ৰাখি থোৱা বেয়া।"

তেতিয়াহে বৈকুণ্ঠই স্বস্তিৰ নিশ্বাস এৰিলে। ধেই, কিবোৰ যে ভাবিব লৈছে সি! উভতি আহি চাহ খাই কামত লাগিল। কিয় জানো, দিনটো বৈকুণ্ঠই একো কামতেই মন বহাব নোৱাৰিলে। যিটো কামতেই হাত দিছে তাতেই কিবা খেলিমেলি এটা হৈছেই। মাজতে গোবিন্দপুৰৰ ল'ৰা কেইটামান আহিলে। লখিমীৰ পাৰৰ আটাইবোৰ গছ কটা হ'ল। এতিয়া তাত ৰিজৰ্ট কেতিয়া আৰম্ভ কৰিব সুধিছিল। বৈকুণ্ঠই এতিয়াই ক'ব নোৱাৰিম বুলি ক'লে। আচলতে সেই কামটো অলকেশ আৰু সি একেলগে মিলিহে কৰাৰ কথা আছিল। এতিয়া অলকেশ ঢুকি নোপোৱাকৈ দূৰত। শুনিছে সি হেনো চিকিউৰিটি নোলোৱাকৈ ক'লৈকো নাযায়। সকলো মানুহক লগো নকৰে। বৈকুণ্ঠই মাজে মাজে ভাবে তাক বাদ দি নিজেই ৰিজৰ্টৰ কাম আৰম্ভ কৰাৰ কথা। কিন্তু সি আকৌ ৰাজনীতিৰ মানুহ, বেয়া পালে বৈকুণ্ঠৰেই বিপদ। যি হওক, কেইদিনমান যাওক। তাৰ পাছত দেখা যাব। ঠিকাৰ দুই এটা কাম চাবলৈ বৈকুণ্ঠ ওলাই গৈছিল। উভতি আহোঁতে সন্ধিয়া লাগি ভাগিল। সাদৰীয়ে ভাত সোনকালে ৰান্ধিছে আজি। বৈকুণ্ঠই সোধোতে ক'লে,

"অমাৱশ্যা নহয় জানো, সোনকালে খাব লাগে।"

বৈকুণ্ঠই এনে নীতি নিয়মবোৰ খুব মানে আজিকালি। এটা সৰু গাফিলতিও নকৰে। সেয়ে একো মাত নিদি সোনকালেই ভাত খাই বিচনাত পৰিল।


নিশাৰ দ্বিতীয় প্ৰহৰ হয়তো আৰম্ভ হৈছিল। বাহিৰত ঘিটমিটিয়া আন্ধাৰ। জিলিৰ জি জি শব্দটোৰ বাহিৰে বাকী নিস্তব্ধ। মাজতে কোনোবা কুকুৰ এটাই ভৌ.... বুলি দীঘলীয়াকৈ ৰাউচি জোৰে। এবাৰ কোনোবা মেকুৰী এজনীয়ে ফেঁকুৰি থকাৰ শব্দ এটা শুনা গ'ল। ঘৰৰ বৰচাঙত ডালশলীয়া কেইটামানে অহা যোৱা কৰি আছে। সাধাৰণতে বৈকুণ্ঠই ৰাতি সাৰ নাপায়। আজি কিয় জানো এই সময়ত সাৰ পালে! হয়তো কিবা এটা সপোন দেখিছিল! নাই, কাৰোবাৰ মাতহে শুনিছিল নেকি! সাৰ পালেই যেতিয়া এতিয়া সহজে টোপনি নাযাব। লাহেকৈ বিচনাৰ পৰা উঠিব লৈছিল বৈকুণ্ঠ। এনেতে সি গম পালে, বিচনাত সাদৰী নাই। লগে লগেই উচপ খাই উঠিল সি, ক'লৈ গ'ল সাদৰী এই ৰাতিখন। চিঞৰিলে, "সাদৰী...."

চ'ৰাঘৰৰ পৰা মাত আহিল, "আছোঁ"

বৈকুণ্ঠ লৰালৰিকৈ নামি গ'ল। চ'ৰাঘৰ পাই আৰু আচৰিত হ'ল সি, কাৰণ চোফাত ৰাধা বহি আছে।

"ৰাধা, তই? ইমান ৰাতিখন? কি হৈছে?"

ৰাধা থিয় হৈ বৈকুণ্ঠক ক'লে,

"তোৰ বস্তু এটা মোৰ ওচৰত আছিল।"

"কি বস্তু?"

ৰাধাই সেই মানিবেগটো বৈকুণ্ঠলৈ আগুৱাই দিলে, যিটো তাইক মধুৰামে দিছিল শৰতৰ মৃতদেহৰ কাষত পায়। বৈকুণ্ঠ কেইবা খোজো পিছুৱাই গৈ বেৰত লাগি ৰ'ল। 

"কি হ'ল ডাঙৰ খুড়া, ইমান কিয় ভয় খাইছ?"

বৈকুণ্ঠই ঘেঁহাই ঘেঁহাই ক'লে,

"ৰা...ৰাধা চা, এইবোৰ কথা আমি দিনত পাতিম। এইবোৰ কথা এনেকৈ নহয়, তই..তই এতিয়া যা গৈ।"

এইবাৰ ৰাধাই হাঃ হাঃ কৈ হাঁহি চিঞৰি উঠিল,

"কিয়, এন্ধাৰতে যেতিয়া চব কাম কৰি ভাল পাৱ, তেন্তে পোহৰলৈ কিয় ৰ'ব লাগে? শৰৎ দা এন্ধাৰতেই ওলাই গৈছিল।"

কথাটো কৈ কৈ ৰাধা আগুৱাই আহি বৈকুণ্ঠৰ চোলাৰ কলাৰত ধৰিলে,

"কিয় কৰিলি এনেকুৱা? কিয় মাৰি পেলালি তাক? কি দোষ কৰিছিল সি? গোবিন্দপুৰৰ কাৰণে চিন্তা কৰিছিল, তহঁতৰ দুৰ্নীতিবোৰ উদঙাই দিছিল, সেয়াইতো? এবাৰো মোৰ কথা নাভাবিলি, মোৰ সন্তানটোৰ কথা নাভাবিলি?"

বৈকুণ্ঠই গাৰ সমস্ত জোৰেৰে ৰাধাক ঠেলা মাৰি মজিয়াত পেলাই দিলে তাৰ পাছত পিছ দুৱাৰলৈ দৌৰ মাৰি গ'ল। কিন্তু দুৱাৰখন খোলাৰ লগে লগেই কোনোবাই তাক পুনৰ ভিতৰলৈ গতা মাৰি দিলে। লগতে সেই মানুহজনো সোমাই আহিল। আগন্তুকে মুখৰ কাপোৰখন আঁতৰাই দিওঁতে বৈকুণ্ঠই ভয়ত আটাহ পাৰি উঠিল,

"সৰুকণ....!!"

"কিয় চিনি পোৱা নাই নেকি? নে মোৰ চাকৰি খাই পেলোৱাৰ পাছত মই ক'ৰবাত মৰিম বুলি ভাবিছিলি? তোক শেষ নকৰালৈকে মই নমৰো বুইছ কুকুৰ!"

কথাটো কৈয়েই সৰুকণে বৈকুণ্ঠৰ মুখত এটা জোৰকৈ ঘোঁচা বহুৱাই দিলে। বৈকুণ্ঠ কৰ্ফাল খাই মজিয়াত বাগৰি পৰিল। ওঁঠেৰে বৈ অহা তেজকণ মচি মচি বৈকুণ্ঠই ক'লে,

"তহঁত, তহঁত কোনো সাৰি যাব নোৱাৰিবি। তহঁতক মই চাই ল'ম।"

এইবাৰ ৰাধাই আহি বৈকুণ্ঠৰ চুলিত ধৰি ঘটালি দি ক'লে,

"তই বহুত চালি আমাক, আজি গোটেই ৰাতিটো আমি তোক চাম।" 

সৰুকণে আগুৱাই আহি বৈকুণ্ঠৰ বুকুত চুৰি এখন থৈ ক'লে,

"সৈ কাঢ়, ভাগৱত ককাইদেউক কোনে মাৰিছিল?"

বৈকুণ্ঠ তলমূৰকৈ ৰ'ল। ৰাধাই এইবাৰ আচৰিত হৈ সৰুকণলৈ চালে,

"সৰু দা, এইটো কথাটো তই মোক....."

"কোৱা নাছিলোঁ, কাৰণ মই এই পাষণ্ডৰ হতুৱাই কোৱাব খুজিছিলোঁ। ই কুকুৰে ককাইদেউক মৰালে। আৰু খুব ধুনীয়াকৈ তাৰ বদনাম আমাৰ সংগঠনক দি দিলে।"

বৈকুণ্ঠই সাদৰীক দেখি দৌৰি গ'ল,

"সাদৰী, তুমি মোৰ জানো পত্নী নহয়? তুমি মোক ইহঁতৰ পৰা বচোৱা সাদৰী।"

সাদৰীয়ে লগে লগে এটা কাণতলীয়া চৰ সোধাই দিলে গিৰিয়েকক। আচম্বিত হৈ বৈকুণ্ঠৰ মুখেৰে একো শব্দ নোলাল। যিজনী সাদৰীক সি অতদিনে জোতাৰ মলিৰ দৰে গণ্য কৰি আহিছিল, তাই আজি তাক চৰ মাৰিছে! বৈকুণ্ঠৰ যেন কিবা সপোন সপোন লাগিছে। এইফালে সাদৰীয়ে চিঞৰি উঠিল,

"পত্নী? আজি মনত পৰিছে তোৰ যে মই পত্নী? মনত পেলা বৈকুণ্ঠ চৌধুৰী, মোৰ কণমানি পৃথিৱীখন ধ্বংস কৰি তই মোক বিয়া কৰাইছিলি। মোৰ চেনেহৰ দেহমনক মৰিয়াই মৰিয়াই মৰালি। দিনে নিশাই মোৰ দেহটোৰ ওপৰত অত্যাচাৰ চলালি। তোৰ দৰে এটা কুলাঙ্গাৰৰ পত্নী হৈ থকাতকৈ মই উৰে জীৱন বিধবা হৈ কটাম। চা বৈকুণ্ঠ চৌধুৰী, মচি দিলোঁ তোৰ নামত লোৱা সেন্দূৰ মই।"

চিঞৰি চিঞৰি সাদৰীয়ে কপালৰ ফোঁট আৰু শিৰৰ সেন্দূৰ মচি পেলালে। সাদৰীৰ চকুৰে বৰষি অহা জুইৰ লেলিহান শিখাই যেন আগুৰি ধৰিছে বৈকুণ্ঠক। সাদৰী, ৰাধা আৰু সৰুকণক তাৰ যমদূতৰ দৰে লাগিছে। সাদৰীয়ে ভিতৰৰ পৰা নগা দাখন আনি ৰাধাৰ হাতত তুলি দিলে। বৈকুণ্ঠই লগে লগে কঁপি কঁপি ৰাধাৰ ভৰি দুটা সাৱটি ধৰিলে,

"মোক মোক ক্ষমা কৰি দে ৰাধা। মোক ক্ষমা কৰি দে। মই ভাল হ'ম, মই কথা দিছোঁ মই ভাল হ'ম। এইবাৰ মোক ক্ষমা কৰি দে।"

"ক্ষমা ভুলৰহে থাকে বৈকুণ্ঠ চৌধুৰী, কিন্তু পাপৰ ক্ষমা নাথাকে। পাপৰ মাত্ৰ প্ৰায়শ্চিত্ত থাকে। আৰু তোৰ পাপ ইমানেই বেছি যে সেয়া প্ৰায়শ্চিত্তৰ বাবে তই মৰিবই লাগিব।"

ৰাধাৰ মাত যেন আকাশবাণীৰ দৰে লাগিছে। মেলা চুলি, ৰঙা চকু আৰু হাতত দা লৈ থকা ৰাধাক যেন কালী গোসাঁনী বা দূর্গাৰ কোনোবা ৰূপৰ দৰে দেখিছে। বৈকুণ্ঠৰ ডিঙি শুকাই গৈছে। হাতযোৰ কৰি সি কান্দি আছে মাত্ৰ। চাই থাকোঁতেই ৰাধাই তাক গোৰ মাৰি পেলাই লৈ ক'লে,

"এইটো ঘাপ মোৰ পৰা দেউতাক কাঢ়ি লৈ যোৱাৰ বাবে।"

কথাটো কৈয়েই তাই বৈকুণ্ঠ উঠিব নোৱাৰোতেই পিঠিত দাৰে প্ৰথমটো ঘাপ মাৰিলে। বৈকুণ্ঠই টেঁটুফালি চিঞৰি উঠিল,

"আ আ আ....হহহ...."

দা খনৰ দাঁতিৰে বৈ অহা তেজ টোপাটোপে স্নেহালয়ৰ মজিয়াত পৰিছে। বৈকুণ্ঠ পৰি থকা ঠাইখিনি তেজেৰে ভিজি গ'ল। ৰাধাই পুনৰ চিঞৰি ক'লে,

"এইটো ঘাপ ভানুমতী আইক কথা শুনাই শুনাই ভাতপানী নল'বলৈ বাধ্য কৰাৰ বাবে।"

লগে লগেই আন এটা ঘাপ পৰিল বৈকুণ্ঠৰ সোঁফালৰ কৰঙনত। বৈকুণ্ঠই হাতেৰে ঠাইকণ ধৰি দেদাউৰি পাৰি উঠিল,

"দেউতা ঐ....."

এইবাৰ সৰুকণে তাৰ মুখত গোৰ এটা মাৰি ক'লে,

"লাজ পোৱা নাই দেউতা শব্দটো মুখত ল'বলৈ।"

ৰাধাই এইবাৰ গহীন হৈ ক'লে,

"প্ৰতিজন অসুৰেই এটা এটা বৰদান দেৱতাৰ পৰা পাইছিল। কিন্তু ব্যৱহাৰ কৰিব নজনাৰ ফলত সেই বৰদান সিহঁতৰ বাবে অভিশাপ হৈ পৰিছিল। ককাই তোক নিজতকৈও বেছি ভাল পাইছিল। সেই মোহখিনি তোৰ বাবে বৰ আছিল। কিন্তু লোভ আৰু ক্ষমতাৰ খঁকৰ বাবে তই ককাক ঘৰৰ পৰা খেদি পঠালি। আৰু আজি চা অকলশৰীয়া হোৱাৰ বাবেই তোক মাৰিবলৈ আমাৰ সহজ হ'ল।"

সেহাই সেহাই বৈকুণ্ঠই কৈছিল,

"পা...নী..."

এইবাৰ সাদৰীয়ে কান্দি কান্দি চিঞৰিলে,

"সেই ৰাতি চাগে দেহমনেও এনেকৈয়ে পানী বিচাৰিছিল নহয়! এতিয়া তোক পানী লাগে, ল এয়া পানী।"

কথাটো কৈয়ে সাদৰীয়ে ৰাধাৰ হাতৰ পৰা দাখন আনি বৈকুণ্ঠৰ বাহুত আন এটা ঘাপ বহাই দিলে। চিঞৰত বৈকুণ্ঠৰ মাত ভাঙি গৈছিল। তাৰ পৰা ওলোৱা তেজে লাহে লাহে যেন স্নেহালয়ৰ ভিতৰত এখন নৈৰ সৃষ্টি কৰিছিল। তেজৰ নৈ খনৰ দুই এটা সৰু সুঁতি লাহে লাহে ধৰ্ম নাৰায়ণ, ভানুমতীৰ কোঠালৈ সোমাই গৈছিল। স্নেহালয় যেন আজি তৃপ্ত! বৈকুণ্ঠৰ তেজৰ সোৱাদৰ বাবেই যেন ইয়াৰ মজিয়াই অতদিনে পিয়াহত আছিল।

ৰাধাই পুনৰ দাখন নিজৰ হাতলৈ আনিলে। মজিয়াত ঘন ঘনকৈ উশাহ লৈ থকা বৈকুণ্ঠৰ তলপেটত ৰাধাই ভৰিৰে হেঁচি ধৰিলে। আধামেলা চকুৰে বৈকুণ্ঠই যেনে তেনে হাটকেইখন আনি যোৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও নোৱাৰিলে। ৰাধাৰ শৰীৰত যেন সঁচাই কোনোবা কেঁচাইখাতী গোসাঁনীয়েহে প্ৰৱেশ কৰিছিল। চকু কেইটাই যেন তেজৰ বন্তি জ্বলাইছে। বৈকুণ্ঠক মৰা প্ৰতিটো ঘাপত চিটিকি অহা তেজৰ কণিকাই তাইৰ মুখত সৰু সৰু টোপাল হৈ বিৰিঙি আছে। ৰাধাক জনা যিকোনো মানুহেই তাইৰ এইটো ৰূপ দেখি কঁপি গ'লহেঁতেন! গলগলীয়া মাতেৰে ৰাধাই গর্জন কৰি উঠিল,

"আৰু এইটো মোৰ শৰৎ দাৰ ফালৰ পৰা"

এইবুলি কৈ তাই চিঞৰ এটা মাৰি বৈকুণ্ঠৰ বুকুৰ পৰা ডিঙিলৈ দা খনেৰে ৰেপি ৰেপি গৈ থাকিল। দৃশ্যটো চাব নোৱাৰি সাদৰীয়ে চকু মুদি দিলে। সৰুকণেও ওঁঠ কামুৰি উঠিল। কিমান বিভৎস এই দৃশ্য! দা খনে বৈকুণ্ঠৰ বুকুখন লাহে লাহে ফালি পেলাইছিল। কামিহাড়ত লাগি ৰৈ যোৱা দাখন ৰাধাই পুনৰ বহাই লয়। বৈকুণ্ঠৰ মুখেৰে মাত নোলোৱা হৈছিল। পাগলৰ দৰে হাত ভৰি এচাৰি আছে সি। গোটেই গাটো চটফটাই আছে। তেজবোৰ চিটিকি আহি ৰাধাৰ গোটেই মুখখন ৰঙা কৰি পেলাইছে। মজিয়াৰ তেজৰ নৈখনে লাহে লাহে বিশাল আকাৰ ল'লে। ৰেপি ৰেপি ডিঙিৰ ওচৰ পাই ৰাধাই দা খন উঠাই আনিলে আৰু এটা প্ৰচণ্ড চিঞৰ মাৰি গোটেই দাখন বৈকুণ্ঠৰ বুকুত বহাই দিলে। বৈকুণ্ঠৰ মুখেৰে হলককৈ এসোপামান তেজ আৰু পানী একেলগে ওলাই আহিল। মূৰটো এবাৰ উঠি আহি লগে লগে মাটিত নিথৰ হৈ পৰি গ'ল।

শেষ; শেষ হৈ গ'ল বৈকুণ্ঠ চৌধুৰী। শেষ হৈ গ'ল অতদিনৰ অহংকাৰ, অতদিনৰ লোভ, অতদিনৰ কূটনীতি। আজি যেন প্ৰশান্তিৰ হাঁহি মাৰিছে ভানুমতীয়ে, আজি শান্তিৰে উশাহ লৈছে ভাগৱতে। ৰাধা লাহে লাহে থিয় হ'ল। তাইৰ বগা সাজযোৰ এতিয়া তেজ ৰঙা হৈ উঠিছে। হাত দুইখন তেজেৰে ৰাঙলী, চকুৰ ভিতৰতো তেজৰ টোপাল পৰিছে। চকুপানীৰ লগত মিলি গৈছে তেজবোৰ। মুখখন হাতেৰে মচি দিলে তাই। গোটেই মুখখন টিকটিকিয়া ৰঙা হৈ পৰিল। তাৰ পাছতে হাওহাওকৈ চিঞৰি চিঞৰি কান্দি উঠিল। সৰুকণ আৰু সাদৰী কোনোৱেই তাইৰ কাষলৈ আহিবলৈ সাহস কৰা নাই। কান্দি কান্দি লেবেজান হৈ ৰাধা মূৰ ঘূৰাই ঢলি পৰিল। 

(আগলৈ)

Comments

  1. ৰাধাৰ সন্তানটো বৰ্তমান সন্ধ্যাৰ লগত থকা ৰাধা নামৰ ছোৱালী‌জনী যেনেই অনুমান হৈছে।..hope so, excitedly waiting for the next part.

    ReplyDelete
  2. খণ্ডটো পঢ়াৰ পাছত কিছুমান ভাৱ অহৰহ আহি আছে। জানো কৌশিক দাই খুব সুন্দৰকৈ উপস্থাপন কৰিব 'ৰাধাৰ' শেষৰছোৱা। অশেষ হেঁপাহেৰে ৰৈ আছোঁ পঢ়িবলৈ। তথাপি মোৰ মনলৈ অহা ভাৱবোৰ জোকাৰি দিব বিচাৰিছোঁ।
    "ৰাধাৰ, গোবিন্দপুৰৰ খবৰ কানায়ে (ময়ূৰে ) পোৱা নাছিল। পিছলৈ ৰাধাই চাগে কানাইক তাইৰ নৱজাত সন্তানটিৰ দায়িত্ব দিয়ে আৰু সি শিশুটিক অনাথাশ্ৰমত ৰাখি ডাঙৰ কৰে। একে সময়তে ময়ূৰৰ মৃত্যু ঘটে 'নিৰিৱিলি' উপন্যাসত। আনফালে ৰাধাখনত অনুৰণো জড়িত হৈ আছে অনাথাশ্ৰমৰ লগত জড়িত কেচ এটাত। ৰাধা নামৰ সৰু ছোৱালী জনী দুবাৰকৈ সন্ধ্যাই লগ পাইছিল আৰু শেষত চাগে সন্ধ্যা অনুৰণৰ হৈ পৰে ময়ূৰৰ "ৰাধা"।

    ReplyDelete
  3. Next part tu joldi dyok, 4 din hol😿

    ReplyDelete
    Replies
    1. Aibar bohut deri hoisa.. Plz next part Tu xunkale diok

      Delete
    2. Next part bur kaushik daa a atya nidiye ru bule akebare kitap khnote uliaboo...

      Delete
  4. This comment has been removed by the author.

    ReplyDelete
  5. কৌশিক,সোনকালেই দিবা বুলি ৰৈ থাকিম আশাৰে।

    ReplyDelete
  6. 43 part tu ketiea ahibo. Aji 9 din hol

    ReplyDelete
  7. 43 part tu diok please ru robo nuara hoi goisu dada

    ReplyDelete
  8. Ruu nopohu ruu imn deri loike roi asu kin2 deaii naii

    ReplyDelete
  9. কৌশিক দা ৰাধাখন পঢ়ি বহুত ভাল লাগিছে।

    ReplyDelete

Post a Comment

Popular posts from this blog

ৰাধা : আৰম্ভণি খণ্ড

ৰাধা খণ্ড : ১

ৰাধা : ৩৯