ৰাধা : ৩৪
#ৰাধা
Part 34
বুকুত কিমান আঘাত লৈ জী থাকিব পাৰে মানুহ! বাৰে বাৰে আপোনক হেৰুৱাইও কি শক্তিৰে উশাহ ল'ব পাৰে মানুহে! যন্ত্ৰণা জুই কঢ়িয়াইও কেনেকৈ হাঁহি থাকিব পাৰে মানুহে! এৰা, বাহিৰে শান্ত হৈ থকা কিছুমান মানুহে বুকুত এখন শ্মশান কঢ়িয়াই ফুৰে। সেই শ্মশানত নিতৌ তেওঁলোকৰ স্মৃতিয়ে চিতা জ্বলায়। চিতাৰ কেচেমা কেচেম গোন্ধে তেওঁলোকৰ চৌপাশ ঘেৰি থাকে। তাৰ পাছতো তেওঁলোক জী থাকে, আনক পোহৰাই থাকে। স্নেহালয়ৰ ভিতৰতো এখন শ্মশান আছে। চৌধুৰী বংশই বাৰে বাৰে কঢ়িয়াই আছে আপোন মুখৰ চিতা। তাৰ পাছতো গঢ়ি আছে নিজক। গঢ়িছে ধৰ্ম নাৰায়ণে, গঢ়িছে ভানুমতীয়ে, গঢ়িছে কুন্তলাই। বাহিৰৰ মানুহে ঈৰ্ষাৰ চকুৰে চোৱা এনে কত মানুহে চাগে নিজৰ মাজত জীয়ন দি থৈছে এখন হুমুনিয়াহৰ নৈ। যাক আনে অনুমানো কৰিব নোৱাৰে। ভানুমতীৰ পালেঙত উচুপি আছে ৰাধাই। কাষত বহি আছে মহামায়া। সান্তনাৰ ভাষা নাই তেওঁৰ। কি শব্দৰে সামৰিব পাৰি ৰাধাক, কি কথাৰে আৱৰিব পাৰি তাইৰ কষ্টক। মহামায়াই হাত গাত হাত ফুৰাই ক'লে,
"তই ধৈৰ্য ধৰিব লাগিব আইজনী। তোৰ বহুত দায়িত্ব আছে। কোনে জানে, অতদিনে আমাৰ বংশই ভুগি অহা এই অন্যায়ৰ বিচাৰ কিজানি তোৰ হাততেই আছে।"
ৰাধাই এইবাৰ মূৰ তুলি চালে। মহামায়াই পুনৰ ক'লে,
"সঁচাই কৈছোঁ, তই প্ৰথম এই ঘৰ সোমোৱাৰ দিনাই খুব ধুমুহা বৰষুণ হৈছিল। ৰাতিলৈ বজ্ৰ পৰি চোতালৰ তামোল এজোপা থিয়তে জ্বলিছিল। তামোল জোপা মনোহৰাই লগোৱা আছিল। তোৰ সোঁৱৰণী লিখিবলৈ অহা গোঁসায়েও কৈছিল, এই ছোৱালীটিয়ে এই বংশৰ বহুলোকৰ হিচাপ ল'ব।"
ৰাধাই একো মতা নাছিল। তাইক মৰম কৰি মহামায়া কোঠাৰ পৰা ধীৰ খোজেৰে ওলাই গ'ল। ৰাধা পৰি আছে। গোবিন্দপুৰৰ আটাইতকৈ উৎপতিয়া প্ৰাণীটো আজি জড় হৈ পৰি আছে। যাৰ খঙৰ ভমকত সকলোৱে তল পৰে আজি তেওঁৱেই সকলোতকৈ যেন তল পৰি ৰ'ল। কেনেকৈ উঠিব ৰাধা পুনৰ! আজি যেন তাই ধুমুহাই ভাঙি থৈ যোৱা এজোপা গছ, যাৰ ডাল পাত সকলো সিঁচৰতি হৈ পৰিছে। উশাহটো সম্পূৰ্ণকৈ ঘূৰি অহা নাই। আঙুলি এটাও লৰাবলৈ শক্তি নাই আজি ৰাধাৰ। তাই পৰি থাকিল তেনেকৈয়ে বহু সময়।
কিমান সময় পাৰ হ'ল ৰাধাই নাজানে। এবাৰ চকু মেলি চাওঁতে দেখে, ভানুমতী সোমাই আহিছে, লগতে তেজা হাতত ভাতৰ কাঁহী এখন লৈ। তাইৰ কাষতে থিয় হৈ ভানুমতীয়ে ক'লে, "আইজনী, ভাত এমুঠি খাই লচোন।"
ৰাধাই সেহাই সেহাই ক'লে, "মই নোৱাৰিম আই। আপোনালোকে খাওক, মই আজি নোৱাৰিম।"
"তই নাখালে কোন সতেৰে খাওঁ নো ভাত আমি?" কথাটো কৈ ভানুমতীয়ে উচুপি উঠিল। লগতে তেজাইও। এনেতে দুৱাৰখনৰ মুখত কানাইৰ মাত, "আই..."
ভানুমতীয়ে ঘূৰি চালে, "আহ কানাই, চা চোন, তাই ভাত এগৰাহ নাখালে আমি নো কেনেকৈ খাওঁ অ'!"
কানায়ে তেজাৰ পৰা ভাতৰ কাঁহীখন নিজৰ হাতলৈ লৈ ক'লে,
"আপোনালোক যাওক আই। তাইক মই খোৱাম ভাত।"
ভানুমতীয়ে এবাৰ তাৰ মুখলৈ চালে। তাৰ পাছত ৰাধাৰ মূৰত হাত ফুৰাই তেজাক লৈ কোঠাৰ পৰা ওলাই গ'ল।
কানাই ৰাধাৰ মূৰৰ শিতানত বহিল গৈ,
"ৰাধা ঐ..."
আস.. এইটো মাত.. কিয় অহা নাছিল অত সময়ে এই মাত। কিয় শুনা নাছিল ৰাধাই। কোনোবা দূৰ দিগন্ত ভেদি সঁচাই যেন বৃন্দাবনৰ পৰা ভাঁহি আহিছে এই মাত। ৰাধাই পৰা হ'লে যেন কানাইক আঁকোৱালি ধৰি কান্দি পেলালেহেঁতেন! কিন্তু আজি যে তাই কান্দিব নোৱাৰাকৈ ভাঙি গৈছে। কানায়ে তাইৰ কপালত হাতখন ফুৰাই দি ক'লে, "বাঁহী শুনিবি?"
ৰাধাই লাহেকৈ উচ্চাৰণ কৰিলে মাত্ৰ, "উম"
কানায়ে বাঁহীটো কঁকালৰ খুচনিৰ পৰা উলিয়াই বজাই গ'ল ৰাধাৰ প্রিয় গীতৰ সুৰ এটি,
"আনৰ বাছা ডাঙৰ দীঘল মোৰে বাছা সৰু,
পঞ্চ বছৰ বয়সতে চৰাইছিলে গৰু।
অ' শ্যামকানু দূৰৈ হৈ নাযাবা,
সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা।"
বাঁহীৰ সুৰটো যেন একুৰা জুই হৈ ৰাধাৰ বুকুলৈ সোমাল। সেই জুইত ক্ৰমে গলি আহিল তাইৰ যন্ত্ৰণাৰ পাহাৰখন। ৰাধাই উচুপি উঠিল। লাহে লাহে উচুপনিটো বাঢ়ি আহিল। তাৰ পাছত হুকহুকাই কান্দিবলৈ ল'লে তাই। বাঁহীটো সামৰি তাইৰ চুলিখিনিত হাত বুলাই থাকিল কানায়ে। অলপ সময় কান্দি ৰাধা কিছু শান্ত হ'ল। কানায়ে পানী অকণ আনি খোৱাই দিয়াত তাই অলপ উঠি পালেংখনতে আউজি বহিল। কানায়ে হাতখনত মুঠি মাৰি ধৰি আছে। লাহে লাহে ৰাধাই ক'লে,
"তই যে আগতে কৱ, তোৰ কোনো নাই বুলি! এতিয়া চা, মোৰো কোনো নাই।"
কানায়ে সেমেকা হাঁহি এটা মাৰি ক'লে,
"ভালেই হ'ল, মই তোৰ কোনোবা আপোন পৰিয়ালৰ নহ'লো। নহ'লে আজি মোকো তই কোনো নহয় বুলি কৈ দিলিহেঁতেন।"
"কিয় এনেকৈ কৈছ?"
"তয়েই কৈছ! আই, ককা, সাদৰী খুৰী তেওঁলোক তোৰ কোনো নহয় নেকি! আৰু সপোন, ৰঞ্জন সিহঁত? তই পৰি থাকোতে সিহঁতে কিমান বাৰ খবৰ লৈছেহি গম পাৱ?"
ৰাধাই একো মতা নাই। কানায়ে পুনৰ ক'লে,
"সীতা দেৱীক জনক ৰজাই নাঙলেৰে মাটি চহাওতে পাইছিল। শ্ৰীকৃষ্ণ নিজেই ডাঙৰ দীঘল হৈছিল এনে এখন ঘৰত যিখন তেওঁৰ নিজৰ কোনোৱেই নাছিল। কিন্তু আজিও যশোদাৰ নাম মানুহে কৃষ্ণৰ মাক বুলিয়েইতো লয়। সীতাৰ দেউতাক জনক ৰজা বুলি জানো নকয়?"
ৰাধাৰ চকুৰে এটোপাল পানী বৈ আহি কানাইৰ হাতত পৰিল। কানায়ে তাইৰ গালখন মচি দি ক'লে,
"অকল তেজৰ সম্পৰ্কই সকলো হোৱা হ'লে ভগৱানে মন নামৰ বস্তুটোৰ চোন সৃষ্টিয়েই নকৰিলেহেঁতেন।"
"কিন্তু মোৰ লগত ভগৱানে এনেকুৱা কিয় কৰিলে! সৰুৰে পৰা চিনাকি মানুহখিনিক আজি ইমান অচিনাকি নিচিনা লাগিছে।"
কানায়ে সামান্য হাঁহি ক'লে,
"ইয়াৰ উত্তৰ ঈশ্বৰে তোক কেনেকৈ দিব কচোন। তেওঁ নিজেও জানো সেই কষ্টয়েই পোৱা নাই! ৰজা হ'ব লগা ৰামচন্দ্ৰ সেইদিনাই পৰিয়াল এৰি বনলৈ যাব লগা জানো হোৱা নাছিল! বৃন্দাবনত দুষ্টালি কৰি ফুৰা কৃষ্ণই এৰাতিতেই জানো গকুল এৰি মথুৰা পোৱাগৈ নাছিল!"
ৰাধা আকৌ নিমাত। কানায়ে তাইৰ গালত মৰম কৰি ক'লে,
"যি পৃথিৱীয়ে ঈশ্বৰকেই সুখত থাকিবলৈ নিদিলে, সি তোক বা মোক সুখ দিব বুলি কেনেকৈ আশা কৰিছ!"
ৰাধাই একো নামাতি সাৱটি ধৰিলে কানাইক। তাইৰ মূৰটো পিহি দিলে কানায়ে,
"তোক সকলোৱে ভাল পাই অ' পাগলীজনী। মোৰতো প্ৰাণ হয় তই। তই নহ'লে মোৰ যে একোৱেই নাই।"
এইবাৰ ৰাধাক মুকলি কৰি দি ভাতৰ কাঁহীখন আনিলে কানায়ে। ভাতখিনি সানি এগৰাহ তাইৰ ফালে আগুৱাই দিলে,
"এতিয়াতো তোৰ আৰু দায়িত্ব আছে। শৰৎ দাৰ কথাও তই ভাবিব লাগিব। কোনো নোহোৱা ল'ৰাটোৱে তোৰ ওচৰতে এটা থাউনি পাইছে। তই ভাঙি পৰিলে কেনেকৈ হ'ব।"
কানাইৰ কথাই বিশল্যকৰণিৰ দৰে কাম কৰিছিল। লাহে লাহে পাতল হৈ আহিছিল বুকুৰ ভাৰ। ভাত খাওতে দুই এটা কথাত হাঁহিও ওলাইছিল তাইৰ। ৰাতি ভানুমতীৰ কোলাত মূৰ থৈ এক প্ৰশান্তিত শুই গৈছিল ৰাধা, তাই জানে কাইলৈৰ পৰা কিছু কথা বেলেগ হ'ব। কাইলৈৰ পৰা কিছু অনুভৱ বেলেগ হ'ব। তাইও বেলেগ হ'ব, আগতকৈও সাহসী হ'ব। বেছি সাহসী।
পিছ চোতালৰ পৰা ভাঁহি আহিছে হাঁহৰ পেক পেক মাত। হাউলিৰ আটাইবোৰ শুই উঠিল। বৈকুণ্ঠ নিজৰ কামত ওলাই গ'ল। বহু সময়লৈ বিচনাত পৰি আছিল ৰাধা। কিয় জানো, ভানুমতী আইৰ এই কোঠাটোৰ পৰা ওলাই যাবলৈ চোন আজি তাইৰ সাহস হোৱা নাই। যিমানেই সাহসী হ'ম বুলি ভাবিছে, তেও চোন কিবা এটাই বাট ভেটিছে। আজি ৰাধাৰ সেই বেজবৰুৱাৰ সাধুৰ ঔকুঁৱৰীজনী হ'বলৈ মন গৈছে। এৰা, আমাৰ জীৱনত চাগে এবাৰ হ'লেও ঔকুঁৱৰী হ'বলৈ মন যায়। পৃথিৱীয়ে নেদেখাকৈ বাস্তৱৰ পৰা আঁতৰি এটা খোলাৰ ভিতৰত বন্দী হৈ থাকিবলৈ মন যায়। কথাবোৰ পাগুলি থাকোতেই মহামায়া সোমাই আহিল,
"তই উঠাই নাই যে! আহ আকৌ, ঢেঁকীশালতো চবেই সুধি আছে ৰাধা ক'ত বুলি!"
এইবুলি মহামায়াই তাইক উঠাই আনিলে। ৰাধাই হাত মুখ ধুই এবাৰ আখলত সোমাল। সেই সময়ত তাত কুন্তলা আছিল, অকলে। ৰাধা সোমাই অহাত কুন্তলাই এবাৰ তাইলৈ চাই পুনৰ কামত লাগিল। ৰাধাই ঘেঁহাই ঘেঁহাই ক'লে,
"পানী অকণ লাগিছিল মা...."
ঘপকৈ ৰৈ গ'ল তাই। কি বুলি মাতিব তাই! মা বোলাৰ অধিকাৰ তাইৰ আছে জানো! পুনৰ মাতিলে তাই, "মা.....মী..."
হঠাৎ কুন্তলাৰ হাতৰ পৰা হেতা এখন পৰি গ'ল। কুন্তলা ৰাধাৰ কাষলৈ উঠি চিঞৰি উঠিল,
"কি বুলি মাতিছ মোক? কি বুলি? মই, মই তোৰ মামীয়েৰ হওঁ হা? ক, মই তোৰ মামীয়েৰ হওঁ?" কথাটো কৈ ৰাধাৰ গাত ধৰি জোকাৰি দিলে কুন্তলাই। এনেতে চিঞৰ শুনি সাদৰী, মহামায়া দৌৰি আহিল। পিছে পিছে মনোহৰাও। মহামায়াই ক'লে,
"কি হৈছে ৰাতিপুৱাই কুন্তলা?"
কুন্তলাই পুনৰ চিঞৰি ক'লে,
"কি হৈছে এইক সোধক পেহীদেউ। তাই মামী বুলি মাতিছে মোক। মই তাইৰ মামীয়েক নে সাদৰী? কোনজনী মামীয়েকে ভাগিনীয়েকৰ বেমাৰত ৰাতি ৰাতি টোপনি খতি কৰি পাইছে? কোনজনী মামীয়েকে বুকুৰ মাজত ভাগিনীয়েকক লৈ সদায় ৰাতি শুই পাইছে? কোনজনী মামীয়েকে ভাগিনীয়েকে অকণ কান্দিলেই সকলো কাম বাদ দি দৌৰ মাৰি গৈছে? এইক সোধক। অকল পেটৰ পৰা জন্ম দিলেহে মাক হয় নেকি? মাক হ'বলৈ অকল গৰ্ভৰহে প্ৰয়োজন নেকি? তাৰ বাহিৰে মাকৰ কৰিব লগা একো নাই? আৰে গাধী, গৰ্ভৰ অবিহনেও মাক হ'ব পাৰি। কিন্তু মমতাৰ অবিহনে মাক হ'ব নোৱাৰি।"
কথাখিনি কৈ কৈ হাওহাওকৈ কান্দি উঠিল কুন্তলাই। ৰাধাই একো নকৈ কুন্তলাক সাৱটি ধৰিলে আৰু উচুপি উঠিল,
"তয়েই মোৰ মা অ'। মই তোৰেই ছোৱালী অ' মা।"
মহামায়াই সিহঁতক দেখি সুখৰ চকুলো মচিলে। সাদৰীয়েও মিচিকিয়াই হাঁহিলে। এইফালে মনোহৰাই মুখত বিৰক্তিৰ চিন লৈ আঁতৰি গ'ল। তাৰ পাছতেই পৰিৱেশটো অকণ মুকলি হ'ল। এজাক ধুমুহা বৰষুণৰ পাছত ওলোৱা কোমল ৰ'দৰ দৰে হাঁহিৰ টুকুৰাবোৰ উৰি ফুৰিল স্নেহালয়ৰ বুকুত।
আবেলিৰ বেলিটো যাবলৈ ওলাইছে। কম পোহৰত পঢ়াৰ বাবেই নে কিতাপৰ কাহিনীৰ বাবেই সন্ধ্যাৰ চকুযোৰ চলচলীয়া হৈ আছে। বুক মাৰ্কটো ভৰাই তাই কিতাপখন জপাই থ'লে। কিমান যন্ত্ৰণা থাকে মানুহৰ বুকুত! লিখি পেলালে সকলো ওৰ পৰে নে! লিখি ভাল পোৱা মানুহে লিখি উলিয়াব পাৰে জানো যন্ত্ৰণাক! সন্ধ্যাই জানো পাৰিছে! ভালে থাকিবলৈকেতো লিখে, কিন্তু লিখা মানুহবোৰ নিজেই ভালে থাকে নে!
পিছফালৰ পৰা অনুৰণে এবাৰ সাৱটি ধৰিলে তাইক, "কি ভাবি আছা?"
"ৰাধাৰ কথা।"
"মানে?"
"আচ্ছা অনুৰণ, এটা কথা কোৱা না।"
"কি?"
"মাক হ'বলৈ গৰ্ভৰ পৰা জন্ম দিয়াটো জানো জৰুৰী?"
অনুৰণে হাঁহি মাৰি ক'লে,
"মাক বা দেউতাক হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যোগ্যতটো হৈছে মৰম। তেজতকৈ মৰম বেছি শক্তিশালী বুইছা।"
অনুৰণৰ উত্তৰত সন্ধ্যাৰ হাঁহি এটা বাগৰি আহিল। কিয় জানো, "ৰাধা" কিতাপখনে যেন তাইক জীৱনৰ বাট কিছুমান দেখুৱাইছে। আগতে নভবা কিছুমান কথাৰ আঁত মুকলি কৰিছে। এনেতে অনুৰণে ক'লে,
"অলপ ওলাই যাওঁ ব'লা।"
"মন নাই অ' এতিয়া।"
"আৰে ব'লা না। যোৰ পুখুৰীৰ ফালেৰে উগ্ৰতাৰা হৈ এপাক ফুৰি আহিম।"
মন নাথাকিলেও সন্ধ্যা ওলাল। আচলতে মন তাইৰো আছিল, কিন্তু কেতিয়াবা এনেকুৱাই হয়, আমি মন যোৱা কামটোৰ বাবেও আন কোনোবাই অকণ জোৰ কৰাটো বিচাৰো। আপোনজনৰ অলপ আদৰসনা দাবীত আমি ভালপোৱাক উদযাপন কৰোঁ। সন্ধ্যা আৰু অনুৰণ যোৰ পুখুৰীৰ ফালে ওলাই আহিল। পাণ বজাৰৰ দীঘলী পুখুৰী আৰু উজান বজাৰৰ যোৰ পুখুৰী যেন বিপৰীত স্বভাৱৰ যমজ ভগ্নী। এফালে দীঘলীৰ পাৰত গ্ৰাহক ব্যৱসায়ীৰ হুলস্থুল, কোলাহল আৰু মানুহৰ অপাৰ ব্যস্ততা। আনফালে যোৰ পুখুৰীত নীৰৱ নিস্তব্ধ এজাক পাতল বতাহ আৰু হালধীয়া পোহৰৰ পথটো। সন্ধ্যাই দুয়োটা পৰিৱেশেই উপভোগ কৰে। কিন্তু আজি যে তাই সেই কোলাহল সহ্য কৰিব পৰা অৱস্থাত নাই। সেয়ে অনুৰণে এইফালে আনিলে তাইক। যোৰ পুখুৰী আচলতে দুটা। বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে হেনো উগ্ৰতাৰা মন্দিৰ খন্দোৱাৰ পাছত মন্দিৰত যাতে ব্যৱহাৰৰ বাবে পানীৰ অভাৱ নহয় তাৰ কাৰণে এই পুখুৰী দুটা খন্দাইছিল। বৰ্তমান পুখুৰী দুটাৰ আটক ধুনীয়া লাইট আৰু তাত থকা ফুলবোৰে খুব ধুনীয়া পৰিৱেশ এটা দিয়ে। পুখুৰীৰ মাজৰ হাঁহৰ পেক পেক শব্দটো এই শান্ত গলীটোত বিয়পি পৰিছে। সন্ধ্যাহঁতে খোজ কাঢ়ি উগ্ৰতাৰাৰ ফালেই গৈ আছে। গৈ থাকোঁতে অনুৰণে সন্ধ্যাৰ হাতখন মুঠি মাৰি ধৰিলে আৰু ক'লে,
"মনটো বেয়া লাগিয়েই আছে?"
"নাই নাই।"
"এনেই কিয় কৈছা? নে মই মন বেয়া লগাৰ খবৰ দিব পৰা মানুহ নহয়!"
"ধেৎ, একো নাই সেইবোৰ। মোৰ একো বেয়া নালাগে আজিকালি।"
অলপ সময় একো নোকোৱাকৈ গৈ থাকিল সিহঁত। এবাৰ সন্ধ্যাই সুধিলে,
"মানুহ কিহেৰে সম্পূৰ্ণ হয় অনুৰণ?"
"ভালপোৱাৰে, যাৰ জীৱনত ভালপোৱা নাই তেওঁ সকলো থাকিও অপূৰ্ণ।"
"আৰু সন্তান পৰিয়াল এইবোৰ?"
"এইবোৰ সমাজে বান্ধি দিয়া আৱশ্যকতা। থাকিলে বেয়া বুলি নকওঁ, কিন্তু নাথাকিলেও জীৱন ৰৈ নাযায়।"
সন্ধ্যাই একো নক'লে। অনুৰণে অলপ ৰৈ ক'লে,
"সন্তান জন্ম দিয়াৰ কথাটোতো মানুহৰ কিমান স্বাৰ্থ সোমাই থাকে চোৱাচোন। ইহঁতে আমাৰ বংশ আগুৱাই নিব, ইহঁতে মোক বুঢ়াকালত খোৱাব। যেন এটা ইনভেষ্টমেণ্ট!"
"ইমান অ'ভাৰ প্ৰেক্টিকেল নহ'বাচোন।"
"নাই হোৱা, কথাটো কৈছোঁ। সন্তান মানুহক লাগে, মৰম ভালপোৱাৰে সময়বোৰ ধুনীয়া কৰিছে, এটা প্ৰাণক পৃথিৱীলৈ আনিছে ঠিকে আছে। কিন্তু তেওঁ মোৰ বংশ আগুৱাব, তেওঁ মোক এইটো কৰি দিব সেইটো কৰি দিব এইবোৰ ডিমাণ্ড কিয়! মাক দেউতাকে কেতিয়াবা মৰমত সন্তানৰ ভাগ্য বিধাতা হ'বলৈ কিয় যায়!"
অনুৰণৰ কথাত সন্ধ্যাই গম পাইছে তাৰ মাকৰ কথাবোৰেই আমনি কৰি আছে। কথাবোৰ সলাই তাই ক'লে,
"হ'ব বাদ দিয়া এইবোৰ। চাহ খাওঁ ক'ৰবাত ব'লা।"
উগ্ৰতাৰাৰ সন্মুখ পাইছিলহি সিহঁত। মন্দিৰত কোনোবাই ঘণ্টা বজোৱাৰ শব্দটো কাণত পৰিছিলহি। ৰাস্তাৰে আগুৱাই সোঁফালে থকা চাহৰ দোকানৰ ফালে যাওঁতেই কাৰোবাৰ মাত,
"গুড আফটাৰ নুন মেম।"
সন্ধ্যাই ঘূৰি চাওঁতেহে দেখিলে, উগ্ৰতাৰাৰ কাষৰ গলীটো সাৰিয়েই পোৱা ফুটপাথটোত থিয় হৈ আছে কেইবাটাও ল'ৰা। তাৰে এজনে আগুৱাই আহি সন্ধ্যাক মাত দিছিল। তাক দেখি সন্ধ্যাই ক'লে,
"কি খবৰ নীহাৰ?"
"ভালে মেম। আপোনাৰ ভাল নে? ছাৰ ভালে আছে?"
এবাৰ অনুৰণলৈও চালে সি। নীহাৰ ৰঞ্জন গোস্বামী, সন্ধ্যাহঁতৰ বিভাগৰ নহয় যদিও সিহঁতৰ ইউনিভাৰ্চিটিৰ সাহিত্যৰ গোট এটাৰ সি সম্পাদক। সেই সূত্ৰেই নীহাৰৰ লগত সন্ধ্যাৰ চিনাকি। বিনয়ী আৰু বাধ্য ল'ৰাটোক সন্ধ্যাৰ ভাল লাগে। দুই এষাৰ কথাৰ পাছত নীহাৰে বাকী কেইজনৰ লগতো সন্ধ্যাক চিনাকি কৰাই দিলে, "মেম, এয়া মোৰ বন্ধু জ্যোতিৰ্ময় আৰু দীপজ্যোতি।"
দীপজ্যোতিহঁত উৎসাহী হৈ পৰিল। সন্ধ্যাৰ উপন্যাসৰ অনুৰাগী সিহঁত। আজি এইদৰে সমুখত পাই নাৰ্ভাচ ও হৈছে অলপ। নীহাৰে কথাৰ মাজতে চাহ আনিলে গৈ। চাহত চুমুক দি অনুৰণে ক'লে,
"এই ফিলটো বেয়া লগা নাই দেখোনহে। চাহ খাই খাই এনেকৈ আড্ডা নমৰা বহুদিনেই হ'ল।"
"আমি ইয়ালৈ সদায়েই আহোঁ ছাৰ। ঠাইখিনি কিবা এটা ভাল লাগে।"
দীপজ্যোতিৰ কথাটো সন্ধ্যাইও শলাগিলে। কৃষ্ণচূড়া জোপাৰ তলৰ এই ফুটপাথৰ ঠাই টুকুৰ একেবাৰে এন্ধাৰো নহয় পোহৰো নহয়। ফুটপাথত আড্ডা, উগ্ৰতাৰাৰ ধূপৰ গোন্ধ, ঘণ্টাৰ শব্দ আৰু পাতল বতাহ এজাকৰ সৈতে কিবা এটা ভাল লগা। কথাৰ মাজতে জ্যোতিৰ্ময়ে সুধিলে,
"ছাৰ আৰু মেমে ফাৰ্ষ্ট কেনেকৈ লগ পাইছিল নো?"
সন্ধ্যা আৰু অনুৰণে ইজনে সিজনলৈ চাই হাঁহি উঠিল। হাঁহি হাঁহি সন্ধ্যাই ক'লে,
"লগ বাৰু সাধাৰণ ভাবেই পাইছিলোঁ। পিছে তোমালোকৰ ছাৰৰ যি ন কইনাৰ লাজ!"
লগে লগে সিহঁতেও হাঁহি উঠিল, "কি কয়!"
সন্ধ্যাই আকৌ ক'লে, "অতো, নামটো সোধোতেও সৰু সৰু মাতেৰে কৈছে, অনুৰণ, ৰণ বুলিও মাতিব পাৰা।"
নীহাৰহঁতে একেলগে কৈ উঠিল, "অ'য়ে হ'য়ে!"
অনুৰণে ক'লে, "হ'ব আৰু হা। তাতকৈ আগতে ছোৱালীৰ লগত কথা পাতিলেহে কিবা।"
সিহঁতৰ হাঁহিত জীপাল হৈ পৰিল সময়খিনি। সন্ধ্যাৰ মনটো যেন ফৰকাল হৈ উঠিল। এৰা, প্ৰিয়জনৰ সৈতে একেলগে পিছৰ প্ৰজন্মক নিজৰ প্ৰেমৰ কাহিনী শুনোৱাৰ মাদকতা সকলোৱে নুবুজিব। সকলোৰে এয়া ভাগ্যও যে নাথাকে। এবাৰত সন্ধ্যাই সুধিলে,
"বাকী, ইলেকচনৰ বতৰ পালেহিচোন। কিবা খবৰ?"
সন্ধ্যাহঁতৰ ইউনিভাৰ্চিটিৰ নিৰ্বাচনৰ বতাহজাক বৰ মায়াময়। যিমানেই নিবিচাৰক এইজাক বতাহৰ পৰা কোনো সাৰি নাযায়। সন্ধ্যাৰ কথাত দীপজ্যোতিয়ে ক'লে, "এইবাৰ নীহাৰকে উঠাও নেকি ঠিক নাই মেম।"
অনুৰণে ৰসিকতা কৰি ক'লে, "বঢ়িয়া কথা। পিছে নীহাৰ, নিৰ্বাচনত উঠিবলৈ উজান বজাৰ নহয়, পাণ বজাৰতহে ঘূৰিব লাগিব। উজান বজাৰ এৰিব লাগিব।"
নীহাৰেও হাঁহি উত্তৰ দিলে, "ভালতো মই পাণ বজাৰকেই পাওঁ ছাৰ, কিন্তু উজান বজাৰ ইজ মাই বেষ্ট ফ্রেণ্ড ন!"
শ্বৰ্ট ফিল্ম এখনৰ জনপ্ৰিয় সংলাপটো শুনি গোটেইখিনিয়ে একেলগে হাঁহি উঠিল। হাঁহিৰ মাজত যেন আজি উজান বজাৰৰ বতাহজাকো বিলীন হৈছে। এনেকৈ কত হাঁহিৰ কাহিনী উৰি ফুৰে উজান বজাৰৰ গলীবোৰত। সন্ধ্যাই ভাল পাই এই জীয়া গল্পবোৰ পঢ়ি। শিক্ষাৰ্থীৰ লগত সময় কটোৱা তাইৰ অন্যতম প্রিয় হবী। আচলতে ছাত্ৰ ছাত্ৰীৰ প্ৰতি সন্ধ্যাৰ এই বন্ধুত্বসুলভ মনটোৰ বাবেই তাইও সকলোৰে প্রিয়। অলপ সময় কথা পাতি সকলোকে চাহ আৰু চিকেন চপ খুৱাই আৰু মাজে মাজে আহি থকাৰ কথা কৈ অনুৰণ আৰু সন্ধ্যাই বিদায় ল'লে নীহাৰহঁতৰ পৰা। লগত লৈ আনিলে পোহৰ অলপ। আমি নজনাকৈয়ে কত মানুহে যে আমাৰ মনত পোহৰ ছটিয়াই ফুৰে, সেয়া চাগে আমি নিজেও অনুভৱ নকৰো।
ঘৰলৈ আহি সন্ধ্যাই চাহ কৰিলে সকলোলৈকে। অনুৰণে চিকেন চপ লৈ আনিছিল, তাকেই সকলোকে দিলে। চাহ খাওঁতে মাকে পুনৰ দিনত লগ পোৱা সেই ছোৱালীজনীৰ কথা উলিয়াইছিল যদিও অনুৰণ আৰু সন্ধ্যাৰ পৰা একো সঁহাৰি নাপাই মনে মনে থাকিল। চাহৰ পাছত মাক আৰু অনুৰণ টিভিৰ সমুখত বহা দেখি সন্ধ্যাই পুনৰ ৰুমলৈ গৈ "ৰাধা"খন মেলি ল'লে।
সময়ে দিয়া এটা ভয়ংকৰ আঘাতৰ পাছত ৰৈ গৈছিল ৰাধাৰ সময়। স্থবিৰ হৈছিল তাইৰ মাত। কিন্তু ভানুমতীৰ বুজনি, মহামায়াৰ সাহস আৰু কানাইৰ সংগই পুনৰ লাহে লাহে আগৰ ৰাধাজনীক ঘূৰাই আনিছিল। ক্ৰমে কলেজৰ কামত ব্যস্ত হৈছিল তাই। নতুনকৈ শ্বহীদ বেদী নিৰ্মান কৰাইছিল। নতুনকৈ এটা সাহিত্য চৰ্চাৰ গোট খোলাইছিল। প্ৰতিটো বিভাগত মিনি লাইব্ৰেৰীৰ ব্যৱস্থা কৰাইছিল। তাইৰ কাম দেখি সকলোৱে এক মুখে কৈছিল, ৰাধাতকৈ উপযুক্ত জি এছ কলেজে আজিলৈকে পোৱা নাছিল। এইবোৰৰ মাজতে লাহে লাহে শেষ হৈও আহিছিল কলেজৰ সময়। তৃতীয় বৰ্ষ শেষ হোৱাৰ সময়। তাৰ লগে লগেই ঘৰত পুনৰ বৈকুণ্ঠই আৰম্ভ কৰিছিল ৰাধাৰ বিয়াৰ প্ৰসংগ। আচলতে ৰাধাই কথাবোৰ জনাৰ দিনাই ৰাতি হৈছিল আন এক ষড়যন্ত্ৰৰ কুটিল পাশাখেল। সকলো টোপনিত ঢলি পৰাৰ পাছত স্নেহালয়ৰ আগফালৰ বাৰাণ্ডাত ধৰ্ম নাৰায়ণৰ বিশেষ আৰামী চকীখনত বহি থকা বৈকুণ্ঠৰ কাষত ৰৈছিলহি মনোহৰা,
"এতিয়া কি ভাবিছ?"
বৈকুণ্ঠই বেঁকা হাঁহি এটা মাৰি মাকক কৈছিল,
"ভাবিবলৈ কি আছে, শৰ একদম জেগাত লাগিছে। এডাল এডালকৈ সকলো কাঁইট উভালি পৰিছে।"
"কিন্তু এইডাল বৰ বিষাক্ত কাঁইট। ইমান সহজে ইয়াৰ বিষ শেষ নহয়।"
"জানো, যেনে তেনে মৌজাদাৰৰ ঘৰলৈ এইক বিয়া দিব পাৰিলেই লেঠা শেষ।"
"ৰহ, দৌৰা দৌৰিখন নকৰিবি। আজি এটা হুলস্থুল গৈছেহে অলপ দিন ৰ। পুনৰ উলিয়াবি বিয়াৰ কথা।"
মনোহৰাৰ বুদ্ধিমতে উপযুক্ত সময়লৈ বাট চাইছিল বৈকুণ্ঠই। কথাবোৰ অলপ পাতলি যোৱা যেন পাই পুনৰ মনোহৰাৰ ইংগিতত ৰাধাৰ বিয়াৰ আলোচনা উলিয়াইছিল। পিছে বিশেষ সঁহাৰি নাপালে যদিও ৰাধাক যে মৌজাদাৰৰ ঘৰলৈকে দিব সেইটো শুনাই দিবলৈ নাপাহৰিলে।
এতিয়া দুপৰীয়াৰ সময়, ভাত কেইটা খাই সকলোৱে বিচনাত এবাগৰ মাৰিছে। ঢেঁকীশালৰ বোৱাৰীহঁতো ঘৰলৈ গ'ল, অৱশ্যে মহামায়া ইয়াৰ পৰা যোৱা দিন ধৰি ঢেঁকীশালখনো সেমেকি থাকে। ৰাধা আৰু শৰৎ বহি আছে ৰাধাপুখুৰীৰ পাৰত। আজি কত দিনৰ মূৰত যে এনেকৈ লগ পাইছে সিহঁতে। শৰতে বিচৰাৰ পাছতো ৰাধাই তাক লগ ধৰিবলৈ বিচৰা নাছিল। কানাইৰ পৰা শৰতে কথাবোৰ গম পাইছিল যদিও ৰাধাই একো কোৱা নাছিল। আজি কানাইৰ প্ৰচেষ্টাতে সিহঁত এইদৰে লগ হৈছে। ৰাধাই একো নমতা দেখি শৰতেই ক'লে,
"মই ইমান পৰ নে, ইমানবোৰ হৈ যোৱাৰ পাছতো একো নক'লা!"
ৰাধাই তাৰ ফালে চাই ক'লে,
"মোৰ জীৱনটো খুব জটিল শৰৎ দা। আহিব লগা দিনবোৰ আৰু জটিল হ'ব। মোৰ সৈতে আপোনাৰ জীৱনটো লগ হ'লে আপোনাৰো কষ্ট হ'ব।"
"কষ্টৰ ভয়ত মই আঁতৰি যাম বুলি ভাবিব পাৰিলা? এয়াই বুজিছিলা মোক!"
"কথাবোৰ কৈ দিবলৈ সহজ। কিন্তু কোৱা কথাবোৰ কৰিবলৈ বৰ টান। আপোনাৰ এটা সৰল জীৱন আছে। যিকোনো এজনী ছোৱালী বিয়া পাতিলে....."
ৰাধাৰ মুখত হাত দিলে শৰতে,
"তোমাৰ বাহিৰে কোনো নাই ৰাধা। তোমাৰ বাহিৰে কোনো হ'ব নোৱাৰে মোৰ বাবে। তুমি মোক আঁতৰি যাবলৈ কোৱা মই আঁতৰি যাম। কিন্তু আন কাৰোবাক আপোন কৰিবলৈ নক'বা।"
ৰাধাই তলমূৰ কৰিলে। শৰতে কাষলৈ আহি সাৱটি ল'লে ৰাধাক। তাৰ বহল বুকুত মূৰ গুজি কিবা এক অনাবিল প্ৰশান্তিত চকু মুদি দিলে ৰাধাই। শৰতে কৈ গ'ল,
"সমস্যাবোৰ আমি একেলগেই শেষ কৰিম দিয়া। অমি একেলগে থাকিলে কষ্টবোৰ পাৰ কৰিব পাৰিমতো।"
এইবাৰ ৰাধাই ক'লে,
"মই কিন্তু ভাত চাত একো ৰান্ধিব নাজানো।"
"মইতো সৰুৰে পৰাই ৰান্ধোঁ।"
"মোৰ খং বহুত বেছি।"
"মই মানুহক হাঁহি উঠাব জানো।"
"মই ঘৰত থকাতকৈ ঘূৰিহে ফুৰো বেছি সময়।"
"মোৰ বাইক আছেতো, চলাবলৈ শিকাই দিম।"
"মই চাগে ঘৰৰ পৰা একো নিব নোৱাৰিম।"
"নিজক লৈ আনা, বাকী সকলো মোৰ আছে।"
ৰাধাই শৰতৰ বুকুৰ পৰা ওলাই তাৰ চকুলৈ চাই সুধিলে,
"ইমান কিয় ভাল পাই মোক?"
"ভাল পাবলৈ কাৰণ নালাগে নহয়, বেয়া পোৱাৰহে কাৰণ থাকে।"
শৰতৰ উত্তৰত মিচিকিয়ালে ৰাধাই। শৰতে তাইৰ মুখখন দুয়ো হাতেৰে ধৰি ওচৰলৈ আনিলে। দুয়োৰে উশাহ যেন মিলি গৈছে। বুকুত স্পন্দনৰ বেগ যেন সমান হৈ পৰিছে। লাহে লাহে আৰু ওচৰ চাপিছে শৰৎ আৰু ৰাধা। শৰতে নিজৰ ওঁঠেৰে ৰাধাৰ কপালখনত এটা চুমা আঁকি দিলে। দুপৰৰ বেলিও যেন লাজত সোমাই পৰিছে ডাৱৰৰ মাজত। শৰতৰ ওঁঠ নামি আহিছে ৰাধাৰ চকুলৈ। ভিজি থকা চকুৰ পাহি কেইটা চুমি গৈছে শৰতে। আৰু ৰাধা, বুকুৰ কলিজাটো যেন আজি ওলাই আহিছে তাইৰ। বুকুৰ ভিতৰৰ ঢেঁকীশালখন আজি দুগুণে বাজিছে। উফ, ৰৈ যা সময়! এটা সময়ত ৰাধাৰ শৰতৰ ওঁঠযোৰ মিলি গ'ল এক হৈ। হয়তো কেইটিমান অনুপল, তেনেতে ৰাধাপুখুৰী কঁপাই শুনা গ'ল এটা গর্জন,
"ৰা....ধা...."
হঠাৎ সমুখত বিজুলী পৰাৰ দৰে চঁক খাই আঁতৰ হ'ল যেন দুটি প্ৰেমিক চৰাই। যেন কোনোবা চিকাৰীৰ গুলীৰ শব্দহে। আঁতৰ হৈ ৰাধা আৰু শৰতে ঘূৰি চাই দেখে সিহঁতৰ পিছফালে ৰৈ আছে বৈকুণ্ঠ আৰু মনোহৰা। ৰাধাই কি ক'ব একো ততেই নাপালে। বৈকুণ্ঠই শৰতৰ গালত বহাই দিলে এটা পূৰ্ণহতীয়া চৰ। লগে লগেই ৰাধাক টান মাৰি চোঁচৰাই লৈ গ'ল স্নেহালয়ৰ ফালে। স্থানুৰ দৰে শৰৎ ৰৈ গ'ল ৰাধাপুখুৰীৰ পাৰত।
(আগলৈ)
This comment has been removed by the author.
ReplyDelete