ৰাধা : ৩৫
#ৰাধা
Part 35
"ৰুণ, ৰুণ শুনিছা নে?"
হঠাৎ অনুৰণৰ মাতত সন্ধ্যা একে কোবেই গোবিন্দপুৰৰ ৰাধাপুখুৰীৰ পৰা আহি উজান বজাৰৰ ফ্লেটটোত সৰি পৰিলহি। কিতাপখন জপাই তাই উঠি আহিল,
"কি হৈছে? এনেকৈ চিঞৰিছা যে?"
"মই যাব লাগিব এতিয়াই। অ' চি এজনে ফোন কৰিছে। কেছটোৰ অলপ ক্লু পাইছে?"
"কোনটো?"
"সেই যে কৈছিলোঁ তোমাক এদিন, মহানগৰৰ পৰা বহু ছোৱালী শিশুক শ্ৰমিক ৰূপে ৰাখি অন্য ৰাজ্যলৈ চালান দিয়া হয়!"
"অ, মনত পৰিছে।"
"মই গৈ থাকোঁ, ৰাতি অহা চাগে অলপ হ'ব।"
কথাটো কৈয়েই অনুৰণে কাপোৰ সলাই ওলাই গ'ল দৌৰাদৌৰিকৈ। সন্ধ্যা পাকঘৰত সোমাল।
ৰাতি ভাত টেবুলত শাহুয়েকে কথাটো উলিয়ালে,
"ই এনেকৈ ঘপকৈ গুচি গ'ল যে?"
"মাজে মাজে যাব লগা হয় মা।"
সন্ধ্যাৰ উত্তৰত মাকে নিজক কোৱাৰ দৰেই হুমুনিয়াহ সৰাই ক'লে,
"বেচেৰাৰ জীৱনত যি অশান্তি আৰু, কি বুলিনো ঘৰখনত থাকিব।"
মনুৱে কিবা এটা ক'বলৈ লৈছিল। সন্ধ্যাই ইংগিত দি মানা কৰিলে। অযথা তৰ্ক কৰি ল'বলৈ তাইৰ মন নাই। সন্ধ্যাৰ পৰা একো উত্তৰ নহা দেখি শাহুয়েকো মনে মনে থাকিল। ভাত খোৱাৰ পাছতে মাক বিচনাত উঠিল গৈ। মনু আৰু সন্ধ্যাই পাকঘৰ সামৰিলে। আজৰি হৈ গাটো ধুই নিজৰ ৰুম পাওঁতে সন্ধ্যাই দেখিলে ফোনটো বাজি আছে। তাই কাণত ল'লে,
"কওক দেউতা, ভালে আছে?"
সিফালৰ পৰা আদৰুৱা মাত এটা ভাঁহি আহিল,
"হ'ব হ'ব, মাৰাক পাই মোক পাহৰিলাই ন?"
"কি যে কয় দেউতা, পিছে আপুনিও আহিব লাগিছিল!"
"এৰা, এতিয়াহে ভাবিছো। মই যোৱা হ'লে তোমাৰ কষ্টবোৰ অলপ কমিলহেঁতেন।"
অনুৰণৰ দেউতাক, প্ৰবীণ হাজৰিকা। সন্ধ্যাক প্ৰথমৰ পৰাই নিজৰ জীয়েকতকৈ বেছি মৰম কৰা মানুহজন। তাইৰ অসুখত মূৰৰ শিতানত বহি তাইৰ মূৰ পিটিকি দিয়া, তাই নথকাত তাইৰ কাপোৰ সামৰি থোৱা, আবেলি তাইৰ লগত বহি নিজৰ কলেজীয়া দিনৰ প্ৰেমৰ কথা কৈ কৈ আড্ডা মৰা এই মানুহজন সন্ধ্যাৰ বৰ আদৰৰ। শহুৰৰ ৰূপত তাই যেন প্রিয় বন্ধু এজনহে পাইছে। তাই উত্তৰ দিলে,
"তেনেকুৱা একো নাই দেউতা।"
"মোক অন্তৰাই কৈছে কথাবোৰ। তুমি চিন্তা নকৰিবা ৰুণজুন। ভাবিছো, জিতেনহঁতক দুদিনমান ইয়াতে থাকিবলৈ দি মইও তালৈকে যাওঁ।"
সন্ধ্যা উৎফুল্লিত হৈ পৰিল,
"বঢ়িয়া আকৌ। আহক না দেউতা, বহুদিন হ'ল লগ নোপোৱা।"
"যাম যাম। তুমি মাত্ৰ এওঁক কৈ নিদিবা। নহ'লে নালাগে বুলিয়েই চিঞৰ বাখৰ লগাব। এতিয়া শো দিয়া মই।"
কথাটো কৈ ফোনটো কাটিলে তেখেতে। সন্ধ্যাৰ মনটো ভাল লাগি গ'ল অনুৰণৰ দেউতাক আহিব বুলি জানি।
ৰুমৰ বিচনাখন পৰিলে তাই। অনুৰণৰ চাগে অহা কিমান পলম হয় ঠিক নাই। কিন্তু অকলে ৰূমটোত তাইৰ শুবলৈও মন যোৱা নাই। সেয়ে "ৰাধা"খন তাই আকৌ বেলকণিত বহিল গৈ।
স্নেহালয়ৰ চ'ৰা ঘৰত আৰামী চকীত বহি আছিল ধৰ্ম নাৰায়ণ, কাষতে মহামায়াই তামোল খুন্দি আছে। কুন্তলা কাষতে থিয় ৰৈ আছে, খুন্দা তামোল অকণ নিবলৈকে। এনেতে পিছ চোতালৰ পৰা চিঞৰ এটা ভাঁহি অহা শুনি ইজনে সিজনৰ মুখলৈ চালে। কোনোবাই কিবা কোৱাৰ আগতেই ৰাধাক চুলিত ধৰি চোঁচৰাই লৈ কোঠাটোলৈ সোমাই আহিল বৈকুণ্ঠ। আহিয়েই চ'ৰা ঘৰৰ মজিয়াত গতিয়াই পেলাই দিলে ৰাধাই। মেলা চুলিৰে বাউলি হৈ ৰাধা ধমহকৈ পৰিল মজিয়াখনতে। মহামায়া আৰু ধৰ্ম নাৰায়নে একে সমানে গৰজি উঠিল,
"বৈকুণ্ঠ....!!"
মহামায়াই লগতে ক'লে, "ঐ কুলাঙ্গাৰ"
ধৰ্ম নাৰায়ণে গৈ বৈকুণ্ঠৰ চোলাত খামুচি ধৰিলে, "তোক এতিয়াই এই ঘৰৰ পৰা বাহিৰ কৰিম।"
লগে লগেই বৈকুণ্ঠৰ পিছে পিছে অহা মনোহৰাই ক'লে,
"আগতে সি কিয় এনেকুৱা কৰিছে সুধি লওক, তাৰ পাছত বাহিৰ কৰিব।"
"অ দেউতা, এই কি কৰিছে শুনক। ৰাধাপুখুৰীৰ পাৰত সেই দাস বোলাটোৰ লগত লেটিপেটি। সেই লম্পটটোৱে এইৰ বুকুৱে পিঠিয়ে...."
বৈকুণ্ঠৰ কথা শেষ নহওতেই কুন্তলাই চিঞৰি উঠিল,
"কি? ৰাধা, এইবোৰ সঁচা নে? কি শুনিছোঁ এইবোৰ?"
ৰাধাই একো নামাতি তলমূৰকৈ থাকিল মাত্ৰ। লাহে লাহে যেন খহি গৈছে তাইৰ ভৰিৰ তলৰ মাটি। বৈকুণ্ঠই আকৌ ক'লে,
"কিয় মিছা হ'ব, এই এই কুকুৰটো ক'লৈ গ'ল?"
এইবুলি সি আগফালে ওলাই গৈ বাৰাণ্ডাত ৰৈ থকা শৰতক টানি লৈ আনিলে। মহামায়া, ধৰ্ম নাৰায়ণ যেন গছৰ মুঢ়াৰ দৰে ৰৈ গ'ল। ৰাধাৰ ফালে অচিনাকিৰ দৰে চাইছিল মাত্ৰ। কুন্তলাই কৈ উঠিল,
"মোক শেষ কৰি পেলালে এই। এয়াই কৰিবলৈ শিকালো তাইক অতদিনে।"
মনোহৰাই ক'লে,
"চব ভুল সৰুৰে পৰাই লুকুৱাই থয় যে, সেই কাৰণেই হৈছে এইবোৰ। আমি ক'লে আমি বেয়া হওঁ।"
বৈকুণ্ঠইও যোগ দিলে,
"মৌজাদাৰৰ ঘৰলৈ বিয়া হ'বলৈ তাইৰ আপত্তি, কিন্তু দাসৰ ঘৰৰ ভিকহুটোৰ লগত শুবলৈ তাইৰ লাজ নালাগে।"
"কিয় লাজ লাগিব, যি যেনেকুৱা তেনেকুৱাইহে পাব। আৰু চাগে কি কি ঘটিল কোনে জানে! এইখন ঘৰত এইবোৰ ব্যভিচাৰ চলা নাছিল কেতিয়াও।"
মনোহৰা আৰু বৈকুণ্ঠই নোৰোৱাকৈ বৰষি গৈছে কথাৰ শেল। নিশ্চুপ হৈ শুনি গৈছে ৰাধাই। মহামায়া বা ধৰ্ম নাৰায়ণ ভাষা হেৰাই গৈছে কিবা কোৱাৰ। হতচকিত হৈ চাই আছে মাত্ৰ বোলছবিৰ দৰে। এবাৰত শৰতে ক'লে,
"আপোনালোকে মোক যি ক'বলৈ আছে কওক, কিন্তু ৰাধাক একো নক'ব। তাইৰ একো ভুল নাই। আমি ভাল পাওঁ ইজনে সিজনক।"
লগে লগেই মনোহৰাই কৈ উঠিল,
"ৱাহ, কটা ভিক্ষাৰীৰো আজি মহাজনৰ ঘৰত মাত ফুটিল।"
বৈকুণ্ঠই যোগ দিলে,
"মাত নুফুটিব। চহকী ঘৰৰ ছোৱালীক হাত কৰি চুৱা কৰিবলৈ লৈছে ই কুকুৰে। যাতে মাটি বাৰী সম্পত্তি হৰলুকি কৰিব পাৰে। সাত জনম গ'ল লোকৰ জোতা চেলেকি এতিয়া মালিক হোৱাৰ সপোন দেখে। তোৰ দৰে....."
বৈকুণ্ঠৰ কথা শেষ নহওতেই মজিয়াৰ পৰা থিয় হৈ ৰাধাই আঙুলি টোঁৱাই গোজৰি উঠিল,
"ঐ চুপ থাক। আৰু এষাৰ কথাও যদি কৱ, শইত খাই কৈছোঁ মোৰ হাত উঠি যাব।"
মেলা চুলিৰে অঙঠা হেন চকু লৈ ৰাধা নহয় যেন সেয়া দেওধনী লগা কোনোবা নাৰীহে। ৰাধাৰ সেই ৰূপত বৈকুণ্ঠহঁতেই নহয়, শৰতো যেন কঁপি উঠিল। বৈকুণ্ঠই কিবা এটা ক'বলৈ সাহস নকৰিলে। তাৰ মাজতেই কুন্তলাই তাইৰ ওচৰলৈ গ'ল,
"লাজ লগা নাই তোৰ?"
"নাই লগা, কাৰণ মই একো লাজ লগা কাম নাই কৰা। ভাল পাইছোঁ মই শৰৎ দাক। ভাল পোৱাটো কি দোষ নেকি? ককা, মই কোনো ব্যভিচাৰী কাম কৰা নাই, শৰৎ দাই মোক একো চুৱাও কৰা নাই। প্ৰেম মানে ব্যভিচাৰীতা নহয়, ভালপোৱা মানে সম্পত্তিৰ লোভ নহয়। এইবোৰ সেই মৌজাদাৰৰ ঘৰত চলিব পাৰে, কিন্তু সৎ পথেৰে অর্জন কৰা মানুহৰ আত্মসন্মান থাকে। আপোনালোকে মোক যি কয় কওক, কিন্তু মোৰ ভালপোৱাক অপমান নকৰিব।"
ৰাধাৰ কথাত ৰৈ গ'ল কুন্তলাও। ৰাধা এইবাৰ আগুৱাই গৈ ধৰ্ম নাৰায়ণৰ হাতত ধৰিলে,
"ককা, ককা আপুনি কওক শৰৎ দাক বাছি লৈ মই ভুল কৰিছোঁ নেকি! সৰুৰে পৰা আপুনি পাইছে তেওঁক। কওক, মোৰ ভুল হৈছে নেকি?"
ধৰ্ম নাৰায়ণ নিশ্চুপ হৈ বৈকুণ্ঠলৈ কাতৰ ভাবে চালে মাত্ৰ। আজিকালি যে তেখেত নিজেও নিজৰ অচিনাকি হৈ গৈছে। বয়স আৰু এটাৰ পাছত আনটো আঘাতে কোঙা কৰি পেলোৱা ধৰ্ম নাৰায়ণে আজি পৰা নাই নিজৰ ৰাজকুমাৰী যেন নাতিনীক সুৰক্ষা দিব। ধৰ্ম নাৰায়নৰ হৈ উত্তৰটো বৈকুণ্ঠই দিলে। ৰাধাক ভাঙি পেলাবলৈ সি শেষ শেলপাত ব্যৱহাৰ কৰিলে,
"এইখন ঘৰে বুটলি ননা হ'লে তই কেতিয়াবাই মাৰৰ লগতে চিতাৰ জুইত পুৰি ছাই হ'লিহেঁতেন। এইখন ঘৰে তোৰ কাৰণে কি কি কৰিছে সেয়া পাহৰি গ'লি এই টোকোনাটোৰ কাৰণে?"
বৈকুণ্ঠৰ চেষ্টাত চেঁচাপানী ঢালি ৰাধাই উত্তৰ দিলে,
"নাই পাহৰা। অ, এইখন ঘৰে মোক জীৱন দান দিলে। কিন্তু, তাৰ অৰ্থ এইটো নহয় যে প্ৰতিদান হিচাপে মই মোৰ ভালপোৱাৰ বলিদান দিম। তহঁতে মোৰ বাবে বহুত কৰিছ, মইও কৰিম। কিন্তু মোৰ ভাগ্য লিখাৰ অধিকাৰ তহঁতৰ নাই। ভুল হ'লে শুধৰাব পাৰিবি, কিন্তু শুদ্ধভাৱে মোৰ নিজৰ জীৱনটো কাৰ লগত সজাম তাত মাত মতাৰ অধিকাৰ তহঁতৰ নাই। শৰৎ দা কিয় মোৰ বাবে উপযুক্ত নহয় এটা কাৰণ কৈ দে মই মানি ল'ম। ক'ব পাৰিবি?"
বৈকুণ্ঠ মনে মনে ৰোৱাত ৰাধাই পুনৰ ক'লে,
"জানো, নোৱাৰ। সেইবাবেই কৈছোঁ আমাৰ বিয়াত বাধা নিদিবি।"
মনোহৰাই মাত দিলে,
"যদি বাধা দিওঁ, তেন্তে? মাৰৰ নিচিনাকৈ চাগে পলাই যাবি নহয় জানো?"
ৰাধাই পুনৰ চিঞৰি উঠিল,
"নাযাওঁ, নাযাওঁ মই পলাই। মই ইমান ভয়াতুৰ নহয় আৰু আমাৰ ভালপোৱাও ইমান দুৰ্বল নহয়। লাগিলে মই তহঁতৰ সমুখত শৰৎ দাৰ হাতত ধৰি ওলাই যাম। কিন্তু চোৰৰ নিচিনাকৈ পলাই নাযাওঁ।"
বৈকুণ্ঠই লগে লগে আকৌ লম্ফজম্ফ কৰি কিবা কিবি কৈ আছিল। লগে লগে ৰাধাইও উত্তৰ দি গৈছিল। মাজে মাজে মনোহৰা, এইফালে শৰতেও। এই হুলস্থুলবোৰৰ মাজতে হঠাৎ চ'ৰাঘৰৰ চুকৰ শৰাইখন কোনোবাই দলিয়াই দিলে সকলোৰে সমুখত। থনৰকৈ শব্দ এটা হৈ শৰাইখন বাগৰি পৰিল। লগে লগেই হুলস্থুলবোৰ ৰৈ গ'ল। শৰাইখন কোনে দলিয়ালে বুলি চাওঁতে দেখে হাতত নগা দা এখন লৈ ৰণচণ্ডী ৰূপত ৰৈ আছে ভানুমতী। লগে লগেই চ'ৰাঘৰত থকা প্ৰতিজন মানুহেই কঁপি উঠিল। ধৰ্ম নাৰায়ণে লাহেকৈ মাত দিছিল, "আই..."
কিন্তু ভানুমতীয়ে গোজৰণি মাৰি আহিল,
"চুপ, মনে মনেই থাকিম বুলি ঠিৰাং কৰিছয়েই যেতিয়া মনে মনেই থাক এতিয়াও।"
হাতত নগা দাখন লৈ ভানুমতী শৰতৰ ফালে আগুৱাই গ'ল। ৰাধাৰ বুকুৱে ধান বনাদি বানিছে। তাই শৰতৰ সমুখলৈ আহিছিল, কিন্তু ভানুমতীয়ে ক'লে,
"আঁতৰ হ ৰাধা।"
তেখেতৰ কণ্ঠক কিবা ওলোটাই কোৱাৰ সাহস ৰাধাৰো নাছিল। তলমূৰকৈ থকা শৰতৰ সন্মুখত থিয় হৈ ভানুমতীয়ে ক'লে,
"মূৰ তোলা, তলমূৰকৈ কথা কোৱা চোৰৰ কাম।"
শৰতে মূৰ তুলি তেখেতলৈ চালে। ভানুমতীয়ে সুধিলে,
"ভাল পোৱা ৰাধাক?"
"পাওঁ আই।"
"তাইৰ অতীত জানা?"
"জানো"
"বিয়া কৰাবা?"
একে আষাৰে শৰতে ক'লে, "কৰাম। মই সাজু আছোঁ আই।"
এইবাৰ ভানুমতীয়ে আঁচলৰ তলৰ পৰা সেন্দূৰৰ টেমা এটা শৰতৰ সমুখত দাঙি ক'লে,
"তেন্তে এই মুহূৰ্ততে এই স্নেহালয়ৰ মজিয়াতে ৰাধাৰ শিৰত সেন্দূৰ দি তাইক লৈ যোৱা।"
ভানুমতীৰ এইষাৰ কথা যেন কথা নহয় দেৱৰাজৰ বজ্ৰপাতহে আছিল। যি বজ্ৰৰ আঘাতত তাত থকা প্ৰতিজন ধৰাশায়ী হৈছিল। কি বৈকুণ্ঠ, কি মনোহৰা, কি ধৰ্ম নাৰায়ণ, কি মহামায়া, আনকি ৰাধাও চমকি গৈছে এই কথাত। সম্পূৰ্ণ অপ্ৰত্যাশিত এটা কথা শুনি তাৰ প্ৰতিক্ৰিয়া দিবলৈকো যেন সকলোৱে পাহৰি গ'ল। সপোনৰ দৰে চাই আছে মাত্ৰ। হঠাতে যেন চেতনা আহিল বৈকুণ্ঠৰ। "আ...ই" বুলি চিঞৰ এটা মাৰি সি ঠিক আগুৱাই যাবলৈ লওঁতেই ভানুমতীয়ে নগা দাখন জোকাৰি কৈ উঠিল,
"খবৰদাৰ, এইফালে এখোজো নিদিবি। তোৰ ডেমাকিত তোৰ বাপেৰ চুপ হ'ব পাৰে। কিন্তু বাপেৰৰ এই বুঢ়ীমাৰৰ কলিজা ইমান দুৰ্বল নহয়। একে ঘাপত ডিঙি সুলকি পৰিব, কৈ থলোঁ। এই বয়সত ফাটেকত সোমাই থাকিবলৈও ভয় নকৰোঁ।"
বৈকুণ্ঠই কল্পনাও কৰিব পৰা নাছিল যে ভানুমতীয়ে তাক এইদৰে দা জোকাৰি আহিব। সঁচাই সি আৰু এখোজো আগবাঢ়িব নোৱাৰা হ'ল। ভানুমতীয়ে কৈছে যেতিয়া তেওঁ কৰিবও পাৰে। আজি অতবছৰে সিমানখিনিতো বুজিছে সি আইতাকক। বৈকুণ্ঠ ৰৈ যোৱাত মনোহৰাই ক'লে,
"আই, এনেকৈ হুৰমুৰকৈ কিবা কাম হয় নে? কথাবোৰ সকলোৱে আলোচনা কৰক। অলপ সময় লৈ..."
"সময়? কাক সময় দিব লাগে? তোক নে তোৰ পুতেৰক। চক্ৰবেহু সাজিবলৈ সময় লাগে? তৰাৱতী, সৰু মইনাৰ লগত যি হ'ল তাৰ বাবে সময় দিব লাগে? তোৰ গালত পৰা সেই চৰটোৰ গমগমনি মাৰ গ'ল হ'বলা। এই শাহুয়েৰৰ হাত কিন্তু এতিয়াও একেই আছে।"
ভানুমতীৰ কথাত মনোহৰাই পুনৰ কিবা এটা ক'বলৈ সাহস নকৰিলে। ভানুমতীয়ে এইবাৰ পুনৰ শৰতক ক'লে, "ভেবা লাগি কি চাই আছা? সাহস নাই?"
শৰৎ আগবাঢ়িল। ভানুমতীৰ পৰা সেন্দূৰ অকণ সোঁ হাতৰ তৰ্জনী আৰু মধ্যমা আঙুলিটোৰে লৈ ৰাধাক বাওঁহাতেৰে টানি আনি তাইৰ শিৰত সেন্দূৰখিনি বোলাই দিলে। চ'ৰাঘৰৰ পৰ্দাৰ সিফালৰ পৰা সাদৰীয়ে দিয়া উৰুলিৰ ধ্বনি ভাঁহি আহিল। ভানুমতীয়ে তেজাক মাত দিলে। তেজাই কাগজ এখনেৰে নুৰিয়াই কিবা এটা টোপোলা আনি দিলে। ভানুমতীয়ে টোপোলাটো ৰাধাৰ হাতত তুলি দি ক'লে,
"এইযোৰ মোৰ জোৰোণৰ সাজ। শৰতে যিদিনা নিয়ম কৰি হোমৰ আগত বিয়া পাতিব, সিদিনা পিন্ধিবি। এতিয়া যা গৈ। বাকী যি যি লাম লাকটু থাকে, মই কানাই নহ'লে পোনাৰ হাতত দি পঠাম।"
ৰাধাৰ চকু চলচলীয়া হৈছিল। তাই নিজেই বুজি পোৱা নাই কি হৈ গ'ল এয়া। কিয় ল'লে আয়েকে এই সিদ্ধান্ত। শৰৎ আৰু তাই দুইটাই ভানুমতীৰ ভৰি চুই সেৱা কৰিলে আৰু তাৰ পাছত হাতত ধৰাধৰিকৈ তাৰ পৰা ওলাই আহিল। ভিতৰত ধমহকৈ আৰামী চকীখনতে বহি পৰিল ধৰ্ম নাৰায়ণ। শিল পৰা কপৌ যেন হৈ থৰ হৈয়ে ৰ'ল কুন্তলা। মহামায়াও ডঁৰক লাগিল। মুঠতে কোনেও যেন হাত ভৰি একো লৰাব নোৱাৰা হেন হ'ল। মাত্ৰ ৰাধাহঁত পদূলি পাওঁতে বাৰাণ্ডাত ৰৈ বৈকুণ্ঠই চিঞৰি উঠিল,
"গৈছ যেতিয়া একেবাৰেই যা। আজিৰ পৰা এই ঘৰ এই বংশৰ লগত তোৰ কোনো সম্পৰ্ক নাই। আজিৰ পৰা তই আমাৰ কাৰণে মৰিলি। তোৰ কোনো বংশ পৰিয়াল নাই।"
কিয় জানো, কথাখিনি কওঁতে বৈকুণ্ঠৰো চকুৰে পানী বৈ আহিল। কি আছিল সেই অশ্ৰুধাৰাত! জিকিব নোৱাৰাৰ ক্ষোভ নে ৰাধাৰ প্ৰতি ক্ষীণকৈ হ'লেও এক বান্ধোন। নাই, নাজানে বৈকুণ্ঠই। মাত্ৰ জানে, ৰাধা নামৰ এইডাল কাঁইটক সি এইবাৰ উভালিব নোৱাৰিলে। আয়োজন আধাতেই ৰ'ল।
বৈকুণ্ঠৰ চিঞৰত নঙলা পাৰ হ'বলৈ লৈও ৰৈ গৈছিল ৰাধা। এবাৰ তাই ঘূৰি চালে স্নেহালয়লৈ, তাইৰ আপোন ঘৰখনলৈ। এইখন ঘৰৰ প্ৰতিজোপা গছ, প্ৰতিটো কোঠালি, প্ৰতিখন দেৱালত তাইৰ শৈশৱ লুকাই আছে। আগচোতালৰ গোঁসাই ঘৰ, গোহালিৰ পৰা পাছ চোতালৰ ঢেঁকীশাল, তাঁতশাল সকলোতে তাই আছে। আৰু আজি, আজি এই সকলো পৰ। আজিৰ পৰা ইয়াত তাইৰ কোনো অধিকাৰ নাই, এইখন চোতালত এইখন ঘৰত তাই অচিনাকি আলহী। নঙলাৰ ওচৰতে আঁঠুকাঢ়ি তাই ঘৰখনলৈ সেৱা এটা কৰিলে। গোহালিৰ ভিতৰত মুখত গামোচাৰে সোপা দি কান্দিছে পোনাৰামে। পিছফালৰ পিৰালিত বহি ফেঁকুৰি উঠিছে তেজাই। ৰাধাই শৰতৰ লগত খোজ লওঁতেও এবাৰ জুমি চালে, কিজানি কানাইক দেখা পায়। কিন্তু নাই, নিজৰ কোঠাত সোমাই নিশব্দ কান্দোনৰ ৰাউচি জোৰা কানায়ে তেতিয়া সকলোৰে পৰা নিজক আঁতৰাই লৈছে। ৰাধা এইদৰে আঁতৰি যোৱা, ৰাধাক এইখন ঘৰে বিসৰ্জন দিয়াৰ দৃশ্য সি কেনেকৈ চায়! শৰতৰ হাতত ধৰি এখোজ দুখোজকৈ গৈ থাকিল ৰাধা। তাইৰ কৈশোৰ, তাইৰ জীৱনৰ এছোৱা সময় পাছফালে এৰি।
ধৰ্ম নাৰায়ণৰ কোঠাত খুপি খুপি সোমাল গৈ ভানুমতী। ধৰ্ম নাৰায়ণ তেতিয়া বিচনাত অকলে। চকুযোৰ ভিজি আছে তেতিয়াও। ভানুমতী গৈ এবাৰ মূৰত হাত ফুৰাই সৰুকৈ ক'লে,
"মোক খেমিবি ধৰ্ম, ৰাধাৰ ভাইগে য'লৈ নিয়ে তাই যাবই। কিন্তু এই হাউলিত থকা হ'লে তাইৰ গতিও তৰাৱতীৰ দৰেই হ'লহেঁতেন অ'। কথাবোৰ বুজি ল'বি।"
কথাটো কৈ ভানুমতী কোঠাৰ পৰা ওলাই গ'ল। ধৰ্ম নাৰায়ণে একো নোকোৱাকৈ পৰি থাকিল মাত্ৰ। দিনে দিনে তেওঁ যেন মাত মাতিব নোৱাৰাকৈ দুৰ্বল হৈ আহিছে। গোবিন্দপুৰ কঁপাই তোলা মাতটো লাহে লাহে পৰি আহিছে। তৰাৱতী ; আসঃ! সেই নাৰী, হাঁহিফুলেৰে ধৰ্ম নাৰায়ণৰ জীৱন সজাই তোলা সেই নাৰী কেৱল পত্নী আছিল জানো তেওঁৰ। নাই নাই, তৰাৱতী আছিল তেওঁৰ প্রিয়সখী। কত ৰাতি তৰাৰ আঙুলি এটাও স্পৰ্শ নকৰাকৈ কটাই দিছিল তেওঁ কথা পাতি পাতি। আচৰিত হয় ধৰ্ম নাৰায়ণ, সতিনীয়েকৰ প্ৰতিও যেন দায়বদ্ধ আছিল তৰাৱতী। কেইবাদিনো তৰাৱতীৰ কোঠালিতে শোৱাৰ পাছত নিজেই কৈছিল, "আজি বাইদেউৰ ওচৰলৈ যাওক। আপোনাৰ ওপৰত প্ৰথম অধিকাৰ তেওঁৰহে।" সেই মানুহজনীয়েই সৰু মইনা আৰু সৰুকণৰ জন্মৰ পাছতে হঠাৎ এদিন ঢলি পৰিল। জানে, ধৰ্ম নাৰায়ণে জানে ইয়াৰ আঁৰত কাৰ হাত! কিন্তু, কি কৰিব তেওঁ! দোষীক শাস্তি দিলেই জানো ঘূৰি আহিব তৰাৱতী! সেয়ে বংশৰ এই কালিমা লগা কথাবোৰ নিজৰ বুকুতে হেঁচা মাৰি থৈছিল। কিন্তু আজি আয়ে কিয় ক'লে! কি হ'বলৈ গৈ আছিল ৰাধাৰ লগত! উফ, আৰু ভাবিব নোৱাৰে ধৰ্ম নাৰায়ণে। কাতৰ চকুৰে মুক্তি বিচাৰে হাঁহাকাৰ কৰে তেওঁৰ প্ৰাণে।
ভানুমতীৰ কোঠাত পালেঙত শুই থকা ভানুমতীয়ে ঘন ঘনকৈ উশাহ লৈছে। আজিৰ দিনটো অহাটো জৰুৰী আছিল। বহুত হেৰুৱালে স্নেহালয়ে, আপোনৰ তেজেৰে বহুত বাৰ ৰাঙলী হ'ল এইঘৰৰ মজিয়া। পুনৰ বাৰ তেওঁ ৰাধাক চক্ৰবেহুৰ অভিমন্যু সজাব নোৱাৰে। জানি শুনি ৰাধাক আগুৱাই দিব নোৱাৰে ভয়ংকৰ বিপদলৈ।
"আই..."
দুৱাৰখন ঠেলি সোমাই আহিল সাদৰী। আহিয়েই ভানুমতীৰ ভৰি কেইটাত উবুৰি পৰি উচুপি উঠিল তাই। ভানুমতীয়ে মূৰত হাত ফুৰাই ক'লে,
"নেকান্দিবি। মই জানো, এতিয়াৰ পৰা এইখন ঘৰত মোৰ খুব কষ্টৰ দিন পাৰ হ'ব। কিন্তু মই জানো, সময়ে সকলো হিচাপ ল'ব মোৰ আই। মই নেদেখিলেও তই হয়তো দেখিবি।"
অলপ সময় থাকি সাদৰী ওলাই গ'ল। তাই যোৱাৰ ফালে চাই ৰ'ল অলপ সময় ভানুমতীয়ে। এই সাদৰীৰ বাবেইটো ৰক্ষা পৰিল চৌধুৰী বংশৰ এগজ চাকি। কাউৰী পুৱাতে সাদৰী আহি তেওঁৰ কোঠাত সোমাইছিলহি। আহিয়েই ফুচফুচাই কৈছিল,
"এওঁৰ তাত মিচিমি বিহৰ বটল দেখিছোঁ আই। কালি বহু দেৰিলৈকে মাকৰ সৈতে কিবা কথাও পাতিছে। মোৰ বৰ ভয় লাগিছে আই।"
ভানুমতীয়ে সাদৰীৰ হাতত ধৰি কৈছিল,
"তাৰ মানে আকৌ চিকাৰৰ আয়োজন চলিছে। কিন্তু এইবাৰ নহ'ব। এই স্নেহালয়ৰ দেৱালত লুকাই থকা ফেঁটী সাপক এইবাৰ খুটিবলৈ দিয়া নহ'ব।"
সেয়ে উপযুক্ত সুযোগ পায়েই ৰাধাক উলিয়াই পঠালে তেওঁ। তাই দূৰত থাকিব, কিন্তু সুখী হৈতো থাকিব। জীয়াইতো থাকিব। ভানুমতীয়ে বিশ্বাস কৰে, ৰাধাই এই বংশৰ বহু অন্যায়ৰ হিচাপ ল'ব। তাৰবাবে তাইক ভালে ৰাখিব লাগিব। সাদৰীৰ বিচক্ষণতাই এইবাৰ পুনৰ ধূলিস্যাৎ কৰিলে স্নেহালয়ৰ কাৰোবাৰ অভিসন্ধি।
কাষৰীয়া গাঁৱৰ ইমূৰৰ এটা সৰু ঘৰ। ঘৰটোৰ একমাত্ৰ শোৱা কোঠাটোৰ দুজনীয়া পালেং এখনত কুচিমুচি বহি আছে ৰাধা। গাত তাইৰ আজু আইতাকৰ পাটৰ সাজ। হাতত দুপাত খাৰু। কাণত শৰতৰ মাকৰ থুৰীয়া এযোৰ। ডিঙিত এধাৰ জোনবিৰি। দিনটোৰ অত ব্যস্ততাৰ অন্তত এতিয়া এয়া তাই শৰতৰ শোৱনি কোঠাত। আজি প্ৰায় এসপ্তাহৰ আগত শৰতৰ হাতত ধৰি ৰাধা ওলাই আহিছিল স্নেহালয়ৰ পৰা। এই এটা সপ্তাহ শৰতে কি কি যে কৰিব লগা হোৱা নাই। তাইক গাঁৱৰ স্কুলৰ অৰুণ ছাৰৰ ঘৰতে থৈ ঘৰটো অলপ মেৰামতি কৰালে। গাঁৱৰ ডেকাহঁতৰ লগ হৈ বিয়াৰ যা যোগাৰো কৰালে। তাৰ মাজতে এদিন স্নেহালয়লৈও গৈছিল যদিও একো ফল নধৰিল। অৱশেষত গাঁৱৰ ৰাইজৰ সহযোগতে আজি ৰাধা শৰতৰ পত্নী। স্নেহালয়ৰ পৰা কানাই আৰু মহামায়া আহি ওলাইছিল। অৰুণ ছাৰে কন্যাদান কৰিলে তাইৰ, এইফালে শৰতৰ ঘট ধৰিলে সেউতী নবৌয়ে। কোনো কাৰো তেজৰ আপোন নহয়, তাৰ পাছতো মৰমৰ বান্ধোনত সকলো নিজৰ। বিয়াৰ অন্তত আজি শৰৎ আৰু ৰাধাৰ প্ৰথম নিশা।
কোঠাটোৰ খিৰিকীখন মেল খাই আছে। কোঠাটোত পাতল বাল্ব এটা জ্বলি আছে যদিও পৰ্যাপ্ত হোৱা নাই সি। খিৰিকীৰ সিপাৰে আকাশত সেয়া পূৰ্ণ জোন। আজি বোলে পূৰ্ণিমা। শৰৎ আৰু ৰাধাৰ বাবেই যেন আজি অধিক উজলি উঠিছে জোনবাই। ৰাধাৰ বুকুতো আজি জোনবাই এটা ওলাইছে। তাইৰ গোটেই দেহ পোহৰাই তুলিছে যেন সি! এপাকত কোঠাটোৰ দুৱাৰখন শব্দ এটা কৰি মেল খালে। শৰৎ সোমাই আহিল। ৰাধাৰ বুকুত যেন আজি মাদল বাজিছে। খিৰিকীৰে অহা ফেৰফেৰীয়া বতাহ এজাকে তাইক কঁপাইছেহি। বাল্বটো অফ কৰি দি শৰৎ উঠি আহিল বিচনাত। জোনাকৰ পোহৰে গোটেই কোঠাটোত অন্য ৰং যেন ছটিয়াইছে। শৰতে সুধিলে,
"কি ভাবি আছা ৰাধা?"
"একো নাই।"
"কিবা অনুতাপ?"
"নাই, আমাৰ বিয়াখন আইৰ সিদ্ধান্তমতে হৈছে। তেওঁৰ সিদ্ধান্তত মোৰ বিশ্বাস আছে।"
শৰতে আহি ৰাধাৰ হাতখন নিজৰ হাতলৈ ল'লে,
"তোমাৰ নিজাকৈ এখন যুঁজ আছে, মই জানো। স্কুলত থকাৰ পৰাই সেইখন যুঁজ দি আহিছা তুমি। মই সেই বাটত বাধা নহওঁ, সাৰথিহে হ'ম।"
ৰাধা নিশ্চুপ হৈ ৰ'ল। শৰতে পুনৰ ক'লে,
"মই সৰুৰে পৰা নিথৰুৱা ৰাধা। অকলে থকাৰ অভ্যাস আছে মোৰ। কিন্তু তুমি আজি অকল মোৰ বাবেই নিথৰুৱা হৈ গ'লা। সকলো থাকিও তুমি অকলে আজি।"
ৰাধাই বাধা দি ক'লে,
"তেনেকৈ নক'ব, আজিৰ দৰে পূৰ্ণতা মই যে কেতিয়াও অনুভৱ কৰা নাই। আপুনি মোৰ সমস্ত পৃথিৱী।"
সজল চকুৰে শৰতে আঁকোৱালি ল'লে ৰাধাক। ৰাধাৰ কপাল, চকু, গালত বগাই গ'ল শৰতৰ ওঁঠ। এসময়ত ৰাধাৰ কোমল ওঁঠযোৰ সাৱটি ল'লে শৰতৰ নিপোটল ওঁঠযোৰে। লাহে লাহে ওচৰ চাপিল ৰাধা আৰু শৰৎ। বাহিৰৰ চেঁচা যেন লগা বতাহজাক হঠাৎ উমাল হৈ পৰিল। জোনবাইটো যেন ডাৱৰৰ আঁৰত লুকাল। ৰাধাক শৰতে কাষলৈ টানি ল'লে, আৰু কাষলৈ। এসময়ত এক হৈ পৰিল দুটি প্ৰেমিক পক্ষী। জীৱনত প্ৰথম বাৰলৈ অনুভৱ কৰিলে ৰাধাই, বিষৰো এটা মাদকতা আছে। বিষৰো এক সৌন্দৰ্য আছে, বিষৰো এক অনাবিল প্ৰশান্তি আছে। মিলনৰ সেই পৰম ক্ষণৰ অন্তত ঘামত ভিজি থকা শৰতৰ বহল বুকুত মূৰ থৈ শুই গৈছে ৰাধা। ৰাধাৰ চুলিৰ মাজত আঙুলি বুলাই নতুন সময়ৰ সপোন লৈ চকু জপাইছে শৰতে। কাষৰীয়া গাঁৱৰ কাৰোবাৰ ঘৰৰ ডেগত বাজি থকা চিনেমাৰ গান এটা ৰিণি ৰিণিকৈ ভাঁহি আহিছে কোঠাটোলৈ,
"বিভাৱৰী আমাৰে মিলনৰ উজাগৰী ৰঙীন সপোনৰ
খিৰিকীৰে জুমি জোনাকে গীত গাই শুভ প্ৰণয়ৰ
আজিৰতো সুৰভি,
তুমি মাথোঁ তুমি...."
(আগলৈ)
Comments
Post a Comment