ৰাধা : ৪৩
ৰাধা
Part 43
প্ৰতিশোধৰ অৰ্থ হেনো হাতত জ্বলি থকা অঙঠা লৈ প্ৰতিপক্ষক আঘাত কৰাৰ দৰেই। সন্মুখৰজন জ্বলাৰ লগতে নিজৰো হাতখন জ্বলিব। অত্যাচাৰী বৈকুণ্ঠক ৰাধাই নৃশংসতাৰে হত্যা কৰিলে সঁচা, কিন্তু ই জানো ৰাধাক সুখ দিব পাৰিব! আপোন মানুহৰ তেজৰ নৈ বোৱাই কোন নো সুখী হ'ব পাৰিছিল! কুৰুক্ষেত্ৰত জিকিও পঞ্চ পাণ্ডৱ সুখী আছিল নে!
কিতাপখন পিছৰকণ একে লেথাৰিয়ে পঢ়িবলৈ সাহস কৰিব নোৱাৰি জপাই থ'লে সন্ধ্যাই। ঘন ঘনকৈ উশাহ লৈ পানীৰে মুখখন ধুই পেলালে। ময়ূৰৰ মুখখন মনলৈ আহিছে তাইৰ। তলসৰা বকুল, ম'ৰা চৰাইৰ পাখি, হেডফোনত জুবিন গাৰ্গৰ গানৰ মাজতে ব্যস্ত থকা আলফুল ল'ৰাটোৰ মাজত এনে জিঘাংসাৰ কাহিনী সোমাই আছিল বুলি সন্ধ্যাহঁতে সপোনতো ভবা নাছিল। আচলতে সেই কষ্টকৰ সময়বোৰেই তাক একেবাৰে উদাসীন কৰি পেলাইছিল গোটেই পৃথিৱীখনৰ প্ৰতি। কথাবোৰ পাগুলি থাকোতেই সন্ধ্যাই দেখিলে অনুৰণে আনি থৈ যোৱা ছোৱালীজনীয়ে দুৱাৰমুখতে চুচুক চামাককৈ ৰৈ আছে। সন্ধ্যাৰ নিজকে খুব স্বাৰ্থপৰ যেন লাগিল। কেনেকুৱা ভয়ংকৰ পৰিস্থিতি এটাৰ পৰা ছোৱালীজনী আহিছে আৰু সন্ধ্যাই তাইক খোৱাবোৱা খিনি দিয়েই যেন দায়িত্ব সামৰিছে। কিতাপখন থৈ সন্ধ্যাই ছোৱালীজনীক কোলাত তুলি লৈ ৰুমলৈ লৈ আনিলে আৰু বিচনাত উঠাই তাইৰ লগত কথা পাতি মনটো পাতলাবলৈ চেষ্টা কৰিলে।
"তুমি মোক প্ৰথম লগ যে পাইছিলা মনত আছে নে?"
"আছে, পার্কখনৰ ওচৰত যে!"
"উম, আকৌ যাবা নেকি তালৈ?"
"নাযাওঁ, মানুহবোৰ ইমান বেয়া, মোৰ ক'লৈও যাবলৈ মন নাই।"
কণমানিজনীৰ কথাত সন্ধ্যাৰ লাজ লাগিল। আমাৰ যেন ভৱিষ্যত প্ৰজন্মৰ বাবে ইমানেই লেতেৰা পৃথিৱী এখন সাজিছোঁ যে সিহঁতে নিজেই লাহে লাহে আঁতৰি থাকিব খুজিছে। সন্ধ্যাই তাইৰ কপালত চুমা এটা খাই ক'লে,
"সকলো মানুহ বেয়া নহয় অ'। এতিয়া মই জানো বেয়া? তোমাক ইয়ালৈ লৈ অনা ছাৰজন জানো বেয়া?"
"আপোনালোক বহুত ভাল। ছাৰো ইমান ভাল।"
"আচ্ছা তোমাৰ নামটো কোৱা চোন, সিদিনা কোনোবাই ৰাধা বুলি মাতিছিল তোমাক ন?"
"মোৰ নাম ৰাধা নহয়। সিহঁতে এনেই মাতে সেইবুলি।"
"তেন্তে কি নাম নো তোমাৰ?"
"কৃষ্ণপ্ৰিয়া।"
সন্ধ্যা ৰৈ গ'ল এবাৰলৈ, কৃষ্ণপ্ৰিয়া! ৰাধাৰেইতো আন এটা নাম কৃষ্ণপ্ৰিয়া। সন্ধ্যাৰ আপোনা আপুনি মুখৰ পৰা ওলাল,
"ৱাহ, ইমান ধুনীয়া নাম। মায়ে দিছে নে দেউতাই?"
কথাটো সোধাৰ পাছতহে সন্ধ্যাই উপলব্ধি কৰিলে তাই কি ভুল কৰিলে। নিজকে জোৰেৰে চৰ এটা মাৰিবলৈ মন গ'ল তাইৰ। কৃষ্ণপ্ৰিয়াই পিছে সাধাৰণভাবেই ক'লে,
"মা দেউতা নাই নহয়। মা নো কেনেকুৱা মই নাজানোৱেই।"
সন্ধ্যাৰ চকুযোৰ চলচলীয়া হৈছিল। কি ক'ব ভাবি পোৱা নাছিল তাই। কৃষ্ণপ্ৰিয়াই তাইলৈ চাই সুধিলে,
"আপুনি কান্দিছে নেকি মেডাম?"
সন্ধ্যাই ক'লে,
"তুমি মেডাম বুলি নামাতিবা দেই মোক।"
"তেন্তে কি বুলি মাতিম?"
বুকুখনত পাতল কঁপনি এটাৰে সন্ধ্যাই ক'লে,
"মোক এবাৰ মা বুলি মাতাচোন।"
কথাটোৰ বাবে যেন কৃষ্ণপ্ৰিয়াও সাজু নাছিল। তাইও জিকাৰ খাই গ'ল। ক'ৰবাত এই নামটোৰে কাৰোবাক মাতিবলৈ তাইও যে অতদিনে হাবাথুৰি খাইছিল। কৃষ্ণপ্ৰিয়াৰ ওঁঠযোৰ সামান্য ভাবে কঁপিছে। তাই কিবা এটা ক'বলৈ লওঁতেই দুৱাৰমুখত সন্ধ্যাৰ শাহুয়েকে হুংকাৰ তুলি উঠিল,
"ৰুণজুন, কিহে পাইছে তোমাক?"
চেলাউৰি থুপাই তাইলৈ খঙেৰে চাই আছে শাহুয়েকে। সন্ধ্যাই বুজিলে শাহুয়েকে এনেকুৱা কিবা এটা কৈ দিব পাৰে যিটোৱে কৃষ্ণপ্ৰিয়াৰ মনটো ভাঙি পেলাব। সেয়ে তাই লগে লগেই কৃষ্ণপ্ৰিয়াক ক'লে,
"তুমি মনু বাৰ লগতে অকণ খেলা গৈ দেই।"
তাই দেও দি দি ওলাই যোৱাৰ পাছতে শাহুয়েক সোমাই আহিল,
"কি কৰিব ওলাইছা এইবোৰ তুমি? কি পাতি আছা ছোৱালীজনীৰ লগত?"
সন্ধ্যাই শান্ত হৈ ক'লে,
"একো কৰিব ওলোৱা নাই মা। মই মাত্ৰ তাইৰ মুখত মা শব্দটো শুনিব খুজিছিলোঁ।"
"সেইটো শব্দ শুনিবলৈ সেই অনাথজনীহে পালা গৈ? তোমাকতো কৈছোঁৱেই, অনুৰণৰ যদি পুনৰ বিয়া হয়, নতুন গৰাকীৰ সন্তান তোমাৰেই হ'ব।"
শাহুয়েকে আৰু কিবাকিবি কৈছিল। সন্ধ্যাই মুখেৰে একো নামাতি চকু দুটা মুদি বিচনাত বহি ৰৈছে মাত্ৰ। দুই চকুৰে দুধাৰি অশ্ৰু বৈ আহিছে। ওঁঠ কামুৰি তাই শুনি গৈছে শাহুয়েকৰ কথা। শেষৰ ফালে শাহুয়েকে ক'লে,
"মোৰ কথা শুনি লোৱা ৰুণজুন, যদি এই ছোৱালীজনীক তুমি তুলি লোৱাৰ দৰে কিবা ভাবিছা তেন্তে মনত ৰাখিবা এইবোৰ তোমাৰ অলীক কল্পনা। এইবোৰ হ'বলৈ দিব নোৱাৰো মই।"
এনেতে গলগলীয়া মাত এটাৰে সন্ধ্যাৰ শহুৰেক অনুৰণৰ দেউতাক সোমাই আহিল,
"কিন্তু কিয়? কি কাৰণত?"
সন্ধ্যাৰ ওচৰলৈ আহি মানুহজনে তাইৰ বাহুত হাত থ'লে। সন্ধ্যাৰ শাহুয়েকে উগ্ৰ হৈ ক'লে,
"এইবোৰ কথাত আপুনি মাত নামাতিব। মই ইয়াত...."
তেওঁৰ কথাৰ ওপৰতে শহুৰেকে ক'লে,
"মাত কেতিয়াবাই মাতিব লাগিছিল স্বৰ্ণ। বহুত পলম হৈয়েই গৈছে। কিন্তু তুমি এই ল'ৰা ছোৱালী হালক আৰু কষ্ট দিয়াৰ আগতে মই মাত মাতিব লাগিবই।"
"মই কষ্ট দিছোঁ? আৰু মই পোৱা কষ্টখিনিৰ কথা কোনে ক'ব? মোৰ কি মন নাযায় নাতি এটাক মৰম কৰিবলৈ?"
"তুমি আইতাকৰ দুখৰ কথা কৈছা, এই ছোৱালীজনীয়ে মাক হোৱাৰ সুখকণ হেৰুৱাইছে সেয়া তোমাৰ চকুত পৰা নাই?"
এইবাৰ স্বৰ্ণৰেখা হাজৰিকা মনে মনে ৰ'ল। অনুৰণৰ দেউতাকে পুনৰ ক'লে,
"তোমাক কথা কৈয়েই বা কি লাভ? তুমি নিজৰ সন্তানকেই বুজি নাপালা, লোকৰ ঘৰৰ ছোৱালীজনীক কি বুজিবা?"
"আপুনি মোক..!"
"অ তোমাকেই কৈছোঁ, কি কাৰণত অন্তৰাই তোমাক নমনা হ'ল, কি কাৰণত বাবাই তোমাৰ লগত কেৱল দায়িত্ব পালনহে কৰি থাকে, কি কাৰণত আমাৰ ভৰা ঘৰখন তুমি উদং কৰি দিলা, তোমাৰ উচ্চাকাংক্ষাৰ বাবে তোমাৰ সন্তান দুটাক তুমিয়েই নিজৰ পৰা দূৰলৈ পঠালা স্বৰ্ণৰেখা। যাক এতিয়া সন্ধ্যাই আৱৰি আছে।"
সন্ধ্যাৰ শাহুয়েক এইবাৰ বিচনাতে বহি পৰিল একো নোকোৱাকৈ। গিৰিয়েকে ওচৰলৈ আহি ক'লে,
"তোমাক ইমান দিনে এইবোৰ কোৱা নাছিলোঁ। কিন্তু এতিয়া ক'বই লাগিব। আনৰ কথা কোৱাৰ আগত, সন্ধ্যাক বাঁজী বোলাৰ আগত নিজৰ অতীতৰ কথা মনলৈ আনি লোৱা। গোটেই গাঁৱৰ মানুহে তোমাক দেখিলে লেই লেই ছেই ছেই কৰিছিল। বিয়াৰ সাত বছৰলৈকে সন্তান নোহোৱাৰ বাবে।"
সন্ধ্যাই উঠি আহি শহুৰেকক বাধা দিলে,
"দেউতা, দেউতা প্লিজ এতিয়া এইবোৰ নুলিয়াব চোন।"
তেওঁ কিন্তু কৈ গ'ল,
"আজি নৰখাবা মোক। মোৰ মায়ে গোটেই গাঁৱৰ সৈতে যুঁজি এওঁক সামৰি আছিল। কোনোবাই এওঁক বেয়াকৈ ক'লে মায়ে চৈধ্য পুৰুষ উজাৰি গালি পাৰিছিল। মোৰ ঘৰত কেঁচুৱা হোৱা নাই তহঁতৰ কি তেল লাগিছে বুলি কেইবাৰমান বাঢ়নী উঠাই লৈছিল। সেই মানুহজনীয়েতো নাতিৰ মুখ নেদেখাকৈয়ে গুচি গ'ল। মাৰ মৃত্যুৰ পাছতহে অনুৰণৰ জন্ম হৈছিল। সেই সময়ত যদি মায়ে আজি এওঁৰ নিচিনা শাহু হ'লহেঁতেন তেতিয়া এওঁ জীয়াই থাকিব পাৰিলেহেঁতেন নে? সেইজনী শাহুৰ বোৱাৰী হৈ কোন সতে সন্তানৰ বাবে নিজৰ বোৱাৰীক কথা শুনাব পাৰিছে এওঁ?"
কথাখিনি কৈ কৈ শেষৰ ফাললৈ মানুহজনৰ মাতটো কঁপি উঠিল। অনুৰণৰ মাকে উচুপি উচুপি কান্দিছে। বাৰে বাৰে ফেঁকুৰি উঠিছে। সন্ধ্যাই কি কৰা যায় বুজি নাপাই তেওঁলোকক সময় দি ৰূমটোৰ পৰা ওলাই আহিল। অনুৰণৰ দেউতাকে মাকৰ ওচৰলৈ গৈ ক'লে,
"আমি ভোগা সময়বোৰ সিহঁত হালেও জানো ভোগা নাই স্বৰ্ণ? সিহঁতক আৰু কষ্ট নিদিবা অ'। মানুহ কিহেৰে আপোন হয় কোৱাচোন। তেজেই জানো সকলো হয়? মৰম ভালপোৱাই হে মানুহক আপোন কৰে। সেই কণমানি জনীক মৰম কৰি আমি সামৰি ল'ব নোৱাৰিম জানো?"
এইবাৰ অনুৰণৰ মাকে হুকহুকাই কান্দি উঠিল। মানুহজনে তেওঁক আঁকোৱালি ধৰিলে। কান্দি কান্দি তেওঁ কৈ গ'ল,
"মোক ক্ষমা কৰি দিয়ক, মই কেনেকৈ ইমান বেয়া হ'ব পাৰিলোঁ। মোক ক্ষমা কৰি দিয়ক। মই খুব বেয়া।"
মানুহজনে তেওঁৰ চকুপানীবোৰ মচি দি ক'লে,
"তুমি মোৰহে স্বৰ্ণ। মোৰ স্বৰ্ণ কেতিয়াও বেয়া নহয়। উঠাচোন, সিটো ৰুমত আমাৰ নাতিনীয়ে খেলি আছে। তাইক একোলা নোলোৱা জানো?"
এইবাৰ কান্দোনৰ মাজতে হাঁহি বিৰিঙি উঠিল স্বৰ্ণৰেখাত মুখত। চকুপানী মচি তেওঁলোক দুয়ো ওলাই আহিল। সমুখৰ ৰুমত সন্ধ্যাই কৃষ্ণপ্ৰিয়াক কোলাত লৈ চোফাতে বহি আছিল। স্বৰ্ণৰেখা ওচৰলৈ যোৱাত তাই থিয় হ'ল। তেওঁ সন্ধ্যাৰ কোলাৰ পৰা কৃষ্ণপ্ৰিয়াক নিজৰ কোলালৈ ল'লে। সন্ধ্যাৰ ভয় লাগিল, শাহুয়েকে ঘপকৈ কিবা বেয়াকৈ কৈ নিদিয়েতো! পিছে শাহুয়েকে ছোৱালীজনীক চুমা এটা খাই ক'লে,
"মোক এবাৰ আইতা বুলি মাতাচোন।"
সন্ধ্যা আচম্বিত হৈ গ'ল। তাই এবাৰ শাহুয়েকলৈ আন বাৰ শহুৰেকলৈ চালে। কৃষ্ণপ্ৰিয়াক গালে মূৰে চুমা খাই শাহুয়েকে সন্ধ্যাক ক'লে,
"মোক ক্ষমা কৰি দিব পাৰিবা নে ৰুণজুন?"
সন্ধ্যাই কান্দি পেলালে। এইকণ সুখৰ বাবেই যে তাই হামৰাও কাঢ়ি আছিল। আৱেগত একো ক'ব নোৱাৰিলে তাই মুখেৰে। মাত্ৰ শাহুয়েকক সাৱটি ধৰিলে। শাহুয়েকৰো চকুৰে অহৰহ পানী বৈ আহিছিল। বুকুৰ শিলবোৰ আতঁৰিছে যেন। তাৰ ঠাইত হাঁহিছে নতুন সময়ে। ডাইনিং টেবুলৰ ওচৰতে থিয় হৈ মনুৱেও চকুপানী মচিছে। এইবাৰহে যেন ঘৰখন সম্পূৰ্ণ হ'ব। এইবোৰৰ মাজতেই কৃষ্ণপ্ৰিয়াই ফেঁকুৰি ক'লে,
"চবেই কান্দি থাকিলে মইও কান্দি দিম কিন্তু।"
লগে লগেই গোটেই ঘৰখনেই তাইক লৈ ব্যস্ত হৈ পৰিল। অনুৰণৰ দেউতাকে গান গাই গাই তাইক বোকোচাত তুলিলে। লগতেই মাকে হাঁহি হাঁহি তাই পৰি নোযোৱাকৈ ধৰি থাকিল। এইফালে সন্ধ্যাই ভিডিঅ' কৰিবলৈ ল'লে গোটেই দৃশ্যটো। এটা যেন সপোন সপোন লগা দিন সকলোৰে বাবে। তাৰ মাজতেই হঠাৎ দুৱাৰখন খুলি অনুৰণ সোমাই আহিল। সি আহিয়েই পৰিৱেশটো দেখি সি গহীন হৈ ৰৈ গ'ল,
"এইবোৰ কি হৈছে দেউতা?"
সন্ধ্যা আগুৱাই গ'ল,
"আগতে আহাচোন, তোমাক ক'ম। মনু, তাইক অকণ...."
মনুৱে ইংগিত বুজি পাই কৃষ্ণপ্ৰিয়াক আঁতৰাই নিলে। সন্ধ্যাই গোটেই কথাখিনি অনুৰণক বুজাই ক'লে। লগতে মাক দেউতাকেও। কিন্তু অনুৰণে ক'লে,
"তোমাৰ কিবা হৈছে নেকি সন্ধ্যা? এইবোৰ মিছা সপোন কিয় দেখিছা?"
সন্ধ্যাই কিবা কোৱাৰ আগতেই অনুৰণৰ মাকে ক'লে,
"তই মোৰ কথা ভাবি এনেকৈ কৈছ ন বাবা? মই বহুত ভুল কৰিলোঁ অ'। ক্ষমা কৰি দে মোক। মই কৃষ্ণাক আদৰি লৈছোঁ। তাইক তহঁতে তুলি ল বাবা।"
অনুৰণে কৈ উঠিল,
"কথাবোৰ ইমান সহজ নহয় মা। কৃষ্ণপ্ৰিয়াক কিডনেপ কৰা হৈছিল, তাকো নাৰীদেহ ব্যৱসায়ী চক্ৰই। এতিয়া তাইক এনেকৈ এডপ্ত কৰাটো একেবাৰে অসম্ভৱ। মইতো এতিয়া তাইক লৈ যাবলৈহে আহিছোঁ। পুলিচ আৰু উকীলে কিবা সোধা পোছা কৰিব তাইক। তাৰ পাছত তাই থকা অনাথ আশ্ৰমখনত গৈ থৈ আহিম। পুলিছো লগত যাব।"
অনুৰণৰ মাক দেউতাক মূক হৈ পৰিল। অনুৰণে একো নকৈ নিজৰ ৰুমলৈ সোমাই গ'ল। সন্ধ্যা থৰ হৈ ৰৈ গ'ল। পানীৰ ফোঁৱাৰাৰ দৰেই হাঁহিবোৰ তাইৰ ওচৰলৈ আহে। কেই মুহূৰ্তৰ পাছতে নোহোৱা হৈ যায়। হাঁহি উঠে তাইৰ, ইমান সহজে জীৱনে হাঁহি আনি দিব বুলি তাইৰ বিশ্বাস হৈছিল কিদৰে! শাহুয়েকে তাইৰ ওচৰলৈ আহি ক'লে,
"ৰুণজুন, ধৈৰ্য ধৰা অলপ।"
সন্ধ্যাই একো নকৈ মাত্ৰ মূৰ দুপিয়াই নিজৰ ৰুমলৈ সোমাই গ'ল। অনুৰণে চাৰ্টটো সলাই আন এটা পিন্ধিব লৈছিল। সন্ধ্যা গৈ তাৰ ওচৰতে ৰৈ ক'লে,
"তাইক থৈ যোৱা।"
অনুৰণে তাইলৈ নোচোৱাকৈয়ে কৈ থাকিল,
"কেঁচুৱাৰ নিচিনা কথা নক'বা ৰুণ।"
"তুমি ইচ্ছা কৰিলে কৰিব পাৰা।"
"আইন মোৰ ইচ্ছাত চলে নেকি? এটা চিষ্টেম থাকে চবতে।"
সন্ধ্যাই একো নকৈ মনে মনে ৰ'ল। অনুৰণ যাবলৈ ওলাল। তাই এবাৰ তাৰ হাতত ধৰিলে,
"মই আজিলৈ তোমাক একো খোজা নাই ৰণ। মোক কৃষ্ণাক আনি দিয়া! প্লিজ ৰণ, মই মাক হ'ব খোজো। তাই আহিলেই আমাৰ ঘৰখন ভৰি যাব। প্লিজ..."
সন্ধ্যাৰ মাতটো ফেঁকুৰি ওলাইছিল। অনুৰণৰ চকুযোৰ সেমেকি উঠিল। ৰঙা চকুৰে কঠুৱা হৈ সি সন্ধ্যাৰ হাতখন এৰুৱাই দি ক'লে,
"তুমি মোৰ শক্তি, মোৰ দুৰ্বলতা নহ'বা।"
তাৰ পাছত সি একে কোবে ওলাই গ'ল। সমুখৰ ৰুমত কৃষ্ণপ্ৰিয়াক মনুৱে সাজু কৰাইছিল। অনুৰণে তাইক কোলাত তুলি ল'লে। তাই লগে লগেই ক'লে,
"মই এবাৰ মাক মাতি আহোঁ?"
অনুৰণৰ বুকুখন ঢিপিংকৈ উঠিল! মা?? সন্ধ্যাক এই ছোৱালীজনীয়ে মা বুলি মাতিব? মাতিব নে তাকো দেউতা বুলি? নানা খেলা বস্তু বিচাৰি কৰিব নে তাকো আব্দাৰ? গাটো কঁপি উঠিছে অনুৰণৰ! নাই নাই, সি দুৰ্বল হ'লে নহ'ব। কৃষ্ণপ্ৰিয়াৰ কথাত একো উত্তৰ নিদি সি তাইক কোলাতে লৈ খৰকৈ তাৰ পৰা ওলাই আহিল। মাকে পিছে পিছে গৈছিল,
"এবাৰ ৰুণজুনক মাত লগাবলৈ নিদিয় কিয়?"
কিন্তু অনুৰণে একো নুশুনিলে। তেওঁ উভতি আহি সন্ধ্যাৰ ৰুমলৈ গ'ল। তাই বহি আছে বিচনাতে। তেওঁ সন্ধ্যাৰ মূৰত হাত থ'লে,
"ৰুণজুন...."
"চাওকচোন মা, তাই প্ৰথম ঘৰ সোমায়েই আমাৰ মাজৰ দূৰত্ববোৰ নোহোৱা কৰি পেলালে। তাই থাকিলে মই......"
পিছৰ কণ ক'ব নোৱাৰি ওঁঠ কামুৰি ধৰিলে সন্ধ্যাই। মুখত কাপোৰ গুজি শাহুয়েকো তাৰ পৰা আঁতৰি আহিল। দীঘলকৈ উশাহ কেইটামান লৈ সন্ধ্যাই চকুৱে মুখে পানী অলপ মাৰি ল'লে। নাই, এইবোৰ ভাবি থাকিলে নহ'ব। প্ৰশাসনিক বিষয়া হিচাপে অনুৰণ কিমান বেছি কঠোৰ সেয়া তাই জানে। কৃষ্ণপ্ৰিয়া তাইৰ বাবে এটা সপোন আছিল বুলি সন্ধ্যাই আকৌ ৰাধাখনকে মেলি ল'লে।
(আগলৈ)
Next plz
ReplyDeletedada olop joldi joldi upload korok parile
ReplyDeleteNext please
ReplyDeleteJldi diok
ReplyDelete