ৰাধা : ১৯
#ৰাধা Part 19 মহানগৰৰ সন্ধ্যাই ভালপোৱা ঠাইবোৰৰ ভিতৰত অন্যতম, শুক্ৰেশ্বৰ ঘাট। এই ঠাইটুকুৰাৰ লগত তাইৰ আন এক সম্পৰ্কও আছে। ইয়াত বহি থাকোতেই তাই প্ৰথম গুৱাহাটীৰ প্ৰখ্যাত শিক্ষানুষ্ঠানখনত চাকৰিৰ খবৰটো পাইছিল। লগত আছিল অন্তৰা। জঁপিয়াই উঠিছিল অন্তৰা ফুৰ্তিত। সেই যে সন্ধ্যা আহিল, তেতিয়াৰ পৰা ব্যস্ততাৰ মাজত প্ৰায়ে ইয়ালৈ আহে। শুক্ৰেশ্বৰ দেৱালয় আচলতে মহাদেৱৰ এখন বিখ্যাত দেৱালয়। মহাদেৱক পূজা হয় ইয়াত। মূল শিৱৰ দেৱালয়ৰ লগতে নাৰায়ণ, পাৰ্বতী, গণেশ আদি দেৱতাৰো সুকীয়াকৈ মন্দিৰৰ দৰে ঘৰ আছে। মহাদেৱৰ মূল দেৱালয়ৰ পিছফালেৰে এটা বাট গৈছে। বাটটো গৈ ব্ৰহ্মপুত্ৰৰ ঘাটত ওলাই গৈ। ইয়াত সুন্দৰকৈ ষ্টেপবোৰ দি সজাই থোৱা আছে। পানীৰ ওচৰলৈকে যোৱাৰ দীঘল ষ্টেপবোৰৰ উপৰিও তাৰ কিছু ওপৰত এডোখৰ মুকলি ঠাইও আছে। তাত বহিব পৰাকৈ বেঞ্চ ও আছে, লগতে ষ্টেপো। সন্ধ্যাহঁত কেতিয়াবা সেই বেঞ্চতে বহে কেতিয়াবা ঠাই ডোখৰত খোজ কাঢ়ে। পানীৰ ওচৰলৈকে তলৰ ষ্টেপৰ ফালে সিহঁত নাযায়। এই ঠাই ডোখৰৰ পৰাই দেখা যায় সুবিশাল ব্ৰহ্মপুত্ৰক। সুদূৰলৈ চালে এনেকুৱা লাগে যেন ব্ৰহ্মপুত্ৰৰ সীমা আৰু আকাশ যেন ক'ৰবাত মিলি গৈছেগৈ। এই সন্ধিয়াৰ সময়খিনিত ঠাইকণ বেছি মায়া সনা ...