ৰাধা : ২৫
#ৰাধা Part 25 "বাৰে বাৰে কৈছিলো মই, এইবোৰত নোসোমাবি। কিন্তু নাই, মইতো হিংসা কৰিহে কওঁ। ৰাজনীতি, নিৰ্বাচন এইবোৰ ছোৱালী মানুহৰ বস্তু নহয়। ইস, দুশ্ৰেণী পঢ়িয়েই তাই ল'ৰাৰ লগত ফেৰ মাৰিবলৈ যায়।" বৈকুণ্ঠৰ হুংকাৰত কঁপিছে স্নেহালয়। চ'ৰাঘৰৰ চোফাতে বহি আছে বৈকুণ্ঠ। কাষত মনোহৰা। লগতে থিয় হৈ মাজে মাজে আঁচলেৰে চকুপানী টুকি আছে কুন্তলাই। আনটো ফালে আৰামী চকীখনত বহি মূৰ পেলাই আছে ধৰ্ম নাৰায়ণে। আজি নাতিয়েকক ৰক্ষা কৰিবলৈ তেওঁ যে অপাৰগ। আজি ৰাধাৰ ওপৰত তেওঁৰো খং উঠিছে। ধৰ্ম নাৰায়ণে সকলো সহ্য কৰিব পাৰিলেও চৌধুৰী বংশৰ গৰিমাত কালিমা সনা একো কামেই সহ্য নকৰে। সকলোৰে সমুখত তলমূৰকৈ থিয় হৈ সকলো শুনি গৈছে ৰাধাই। কাৰো একো কথাৰে উত্তৰ দিয়া নাই। বৈকুণ্ঠৰ পাছতে এইবাৰ মনোহৰাই ক'লে, "মৰম কৰি কৰি চবেই মূৰৰ ওপৰত তোলাৰ ফল এয়া। বিয়া হেনো নহয়, পঢ়িব শুনিবলৈ মন। এয়া পঢ়া শুনা কৰিছে চহৰত গৈ গৈ। সেয়েহে বোলো কলেজলৈ ইমান মোহ। নতুন সোৱাদ পাইছে যে!" হাতখন জোৰকৈ মুঠি মাৰি ধৰি চকু মুদি দিছে ৰাধাই। কেনেকৈ মানুহে কথাৰে আঘাত কৰি ধৰাশায়ী কৰিব পাৰে মানুহক। তাকো নিজৰ ঘৰৰ মানুহেই। এইবাৰ উচুপি উচুপি কুন্তলাই ক...