ৰাধা : ৩২
#ৰাধা Part 32 ৰৈ গৈছে লখিমীৰ সোঁত, ৰৈ গৈছে নৈ পৰীয়া বতাহজাক, ৰৈ গৈছে নৈৰ পাৰৰ গৰুৰ হেম্বেলনি। ৰাধাৰ বাবে গোটেই পৃথিৱীখনেই ৰৈ গৈছে আজি! চাৰিওকাষৰ সকলো যেন তাইৰ অচিনাকি, তাই যেন কোনোবা দূৰ প্ৰদেশৰ ঠিকনা হেৰুৱা পক্ষী। কোনোবাই বন্দী কৰি আনি ইয়াত মেলি দিছেহি। প্ৰেমৰ আঘাত ইয়াকে কয় নেকি, ভালপোৱাৰ কষ্ট এইবোৰেই নেকি! শৰতৰ কথাত স্থবিৰ হৈ ৰৈ গ'ল ৰাধা। শৰতে ক'ব খুজিছিল কিবা এটা। তাই হাতখন দাঙি ৰখাই দিলে। তাৰ পাছত একো নকৈ উভতি খৰকৈ খোজ ল'লে। এক মুহূৰ্তৰ বাবে ৰৈ গৈছিল শৰৎ, কিন্তু তাৰ পাছতেই সিও তাইৰ পাছত দৌৰি গ'ল, "ৰাধা, ৰাধা এবাৰ শুনি যোৱা মোৰ কথাখিনি। ৰাধা, এবাৰ শুনা অন্ততঃ। ৰাধা প্লিজ!!" নাই ৰাধা নৰয়, তাইৰ ভৰিত যেন চকা লাগিছে। পৰা নাই ৰৈ যাব। কেনেকৈ ৰোৱা যায়, হেঁপাহৰ মানুহজনে যেতিয়া দলিয়াই দিয়ে ভালপোৱাৰ অৰ্ঘ্য! কেনেকৈ ৰোৱা যায়, হাতখন ধৰি থকাৰ পাছত যেতিয়া আজুৰি আঁতৰাই লৈ যায়! ৰ'ব জানো পাৰি! এটা সময়ত শৰতে খৰকৈ গৈ আগভেটি ধৰিলে ৰাধাক, "মোৰ কথাখিনি নুশুনাকৈ তুমি যাব নোৱাৰা।" "জবৰদস্তি কৰিব মোৰ লগত?" "প্ৰয়োজন হ'লে কৰিম, কাৰণ মই জানো মোৰ সেই অ...