Posts

Showing posts from April, 2024

ৰাধা : খণ্ড ৫

 #ৰাধা Part 5 কেতিয়াবা এখন চহৰৰ প্ৰেমত পৰে নে মানুহ? আমি নজনাকৈয়ে আমাৰ বাবে ৰৈ থাকে নেকি কোনোবা নগৰ? আমাৰ যেন জন্ম জন্মান্তৰৰ প্ৰেমিক হৈ, আঁকোৱালি ল'বলৈ? সন্ধ্যাৰ বাবে এই মহানগৰখন যেন তেনে এক প্ৰেমিক। জীৱনে দিয়া আটাইতকৈ কষ্টৰ সময়খিনিতে মহানগৰে আহ্বান জনাইছিল তাইক। লুইতৰ পাৰৰ এই ব্যস্ত চহৰলৈ অনুৰণৰ হাতত ধৰিয়েই গুচি আহিছিল সন্ধ্যা। তাৰ পাছত? মহানগৰে যেন নিচুকাই আছে তাইক। প্ৰতিটো পুৱা, প্ৰতিটো আবেলি, প্ৰতিটো সন্ধ্যা বা নিশা নতুন সাধুকথা শুনাই যেন উমলাই তাইক। কত সন্ধিয়া যে তাই কটাই দিছে শুক্ৰেশ্বৰ দেৱালয়ৰ আৰতি চাই। কত আবেলি অনুৰণৰ সৈতে এটাও শব্দ বিনিময় নকৰাকৈ পাৰ কৰিছে বেলিভিউত। কত বাৰ তাইৰ মন ভাল লাগক বুলিয়েই অনুৰণে লৈ গৈছে পাণ বজাৰৰ প্ৰকাশিকাৰ কিতাপৰ মাজলৈ। এৰা, মহানগৰে লাহে লাহে মলম সানিছিল যেন আঘাতবোৰত। সেই মহানগৰৰে এটা বিখ্যাত তথা চঞ্চল গলী, প্ৰতিটো দিনেই হাজাৰ কাহিনীৰ সাক্ষী হোৱা এটা গলী, অনেক উপন্যাসৰ জন্মদাত্ৰী এটা গলী, প্ৰতিটো সন্ধিয়া গাভৰু হোৱা এটা গলী। ইয়ালৈ সন্ধিয়া প্ৰায়েই আহে সন্ধ্যা। গুৰু গম্ভীৰ খোজেৰে পাৰ হৈ যায়। চাৰিওফালে থকা খোৱাৰ দোকানবোৰত চলি থকা হাঁহিবোৰে, ৰাস্তাত খ...

ৰাধা : খণ্ড ৪

 #ৰাধা Part 4 "ডাঙৰ খুড়া, ডাঙৰ খুড়া.." নঙলা মুখৰ পৰাই চিঞৰি চিঞৰি সোমাই আহিছে ৰাধা। চোতালৰ ইমূৰৰ গোহালিৰ পৰা পোনাই তাইক দেখিছে যদিও তাইৰ ৰূপ দেখি মাতিবলৈ সাহস কৰা নাই। বহল চোতালখনত ইটো সিটো কামত লাগি থকা দুই এটাইও ভুমুকি মাৰিছে যদিও মাত দিয়া নাই। এনেতে ঘৰৰ কাম কৰা বাই তেজা ওলাই আহিল খৰধৰকৈ, "কি হৈছে ৰাধা, এনেকৈ চিঞৰি আহিছ যে?" "ডাঙৰ খুড়া ক'ত আছে তেজা বাই?" তাইৰ চিঞৰ শুনি ভিতৰৰ পৰা বৈকুণ্ঠৰ পত্নী মানে ৰাধাৰ খুৰীয়েক সাদৰী ওলাই আহিল, "ৰাধা, ক'ৰবাত কিবা অঘটন হ'ল নেকি?" কপাহী কাপোৰৰ চাদৰ মেখেলা পিন্ধি সদায় মূৰত উৰণি লৈ ঘৰখনৰ সকলোৰে জঞ্জাল মাৰি ফুৰা সাদৰীক দেখি ৰাধা কিছু শান্ত হ'ল। ৰাধায়েই নহয়, সাদৰীৰ মুখৰ মৰমসনা মাতষাৰ, তাইৰ হাঁহিটোত আটায়ে যেন মোহ যায়। গোবিন্দপুৰৰ যিকোনো মানুহেই সেয়ে স্নেহালয়লৈ আহিলে প্ৰথমে সাদৰীকে বিচাৰে। মানুহজনীৰ মুখত আজিলৈকে কোনো খঙৰ ৰেশ নেদেখিলে ৰাধাই। গিৰিয়েকৰ দাবী ধমকিও শান্ত হৈ গ্ৰহণ কৰে সাদৰীয়ে। কাৰো প্ৰতি একো অভিযোগ নাই। নিজক যেন চৌধুৰী পৰিয়ালৰ বাবে উজাৰি দিবলৈকে আছে সাদৰী। সাদৰীক দেখি ৰাধাই এইবাৰ কিছু নৰমকৈ ...

ৰাধা : খণ্ড ৩

 #ৰাধা Part 3 কিহেৰে সুখী হয় নো মানুহ! অলপ যশস্যা, এটা পৰিচয়, নিজাকৈ এখন আটকধুনীয়া ঘৰ - গাড়ী, শাহু শহুৰেৰে ইন্দ্ৰানী হৈ থকা এটা পৰিয়াল, বিলাসিতা সেয়াই যথেষ্ট নে এজনী নাৰীৰ বাবে! চাবলৈ গ'লে কি নাই সন্ধ্যাৰ! দিল্লী বিশ্ববিদ্যালয়ত পি এইচ ডি কৰি থাকোতেই প্ৰকাশ হৈছিল সন্ধ্যাৰ এখন উপন্যাস। বৰ্তমানলৈ ফিক্সন - নন ফিক্সন পাঁচখনমান কিতাপৰ লেখিকা তাই। নতুন প্ৰজন্মৰ বহুতৰ প্রিয় সাহিত্যিকৰ তালিকাত তাইৰ নাম। দিল্লীৰ পৰা আহিয়েই অসমৰ আগশাৰীৰ ইউনিভাৰ্চিটিত চাকৰি। তেন্তে,আৰু কি লাগে নো তাইক! তাৰ পাছতো যে তাই হামৰাও কাঢ়ি মৰে এটা সম্বন্ধৰ বাবে, এটা শব্দৰ বাবে, এটা সম্বোধনৰ বাবে, "মা"... উফফ.. কত দিন যে সপোনত কোনোবা কেঁচুৱাৰ মাত শুনি সাৰ পাই উঠিছে! এই মাত্ৰ এটা সম্বোধনৰ আঁৰত তাই যেন বাকী সকলো ধূলিস্যাৎ হৈ যায়। বিভাগৰ প্ৰতিজন শিক্ষাৰ্থীৰ মাতৃত্বৰ অনুভৱেৰে আৱৰে তাইক। বহুতেই কয়, সন্ধ্যা মেমক মা মা লাগে। কিমান বাৰ যে ষ্টুডেন্টক আনি ঘৰত নিজে ৰান্ধি বাঢ়ি খুৱাইছে। কিন্তু ক'ৰবাত কিবা এটা বাকী ৰৈ যায়। এই বাকী ৰৈ যোৱাবোৰেই আমাৰ জীৱনত বিষ এটা হৈ বুকুত কুচিমুচি বহি থাকে।  "বাইদেউ, অভিমন্যু দাদাৰ...

ৰাধা : খণ্ড ২

 #ৰাধা Part 2 আত্মপ্ৰতাৰণাৰ জানো সীমা নাথাকে! অভিনয়ৰ জানো শেষ নাথাকে! তাৰ সিপাৰে.. কোৱা নাযায়, কোৱা নাযায়! কিন্তু সময়ৰ সোঁতত নিজক এৰি দি কেতিয়ালৈকে হাঁহিব পাৰে মানুহে! এসোপা কথা বুকুত হেঁচি হেঁচি কেতিয়ালৈকে উশাহ ল'ব পাৰে মানুহে! কল্পনাৰ পৃথিৱী সাজি সাজি কেতিয়ালৈকে বাস্তৱক উপেক্ষা কৰিব পাৰে মানুহে! তাৰ পাছত.. ভাবিব নোৱাৰি ভাবিব নোৱাৰি। কেতিয়াবা ভৱিষ্যতৰ সম্ভাৱনা ইমানেই বেছি বিভৎস হয় যে তাক মনলৈও আনিব নোৱাৰি। এইবোৰেই ভাবি ভাবি বেলকণিৰ ঝুলনাখনত বহি একেথৰে সমুখলৈ চাই আছে সন্ধ্যাই। হাতত এটা আধাজ্বলা চিগাৰেট। চিগাৰেটৰ এশ্ব্ পৰি লেতেৰা হৈছে ঝুলনাৰ তলছোৱা। মাজে মাজে ওঁঠত লৈ উৰাই দিছে ধোঁৱাবোৰ তাই। "বাইদেউ, আকৌ চিগাৰেট খাইছে আপুনি?" কাম কৰা বাই মনুৰ মাতত ভাৱনাৰ সাগৰৰ পৰা আকৌ ঘূৰি আহিল সন্ধ্যা। হাতৰ চিগাৰেটটোলৈ চালে তাই। বৰষুণৰ পাছৰ কেঁচা মাটিৰ গোন্ধ, শেৱালি তগৰৰ গোন্ধ, নতুন কিতাপৰ গোন্ধ ভাল পোৱা সন্ধ্যাই কেতিয়া চিগাৰেটৰ ধোঁৱাৰ গোন্ধৰ মাজত নিজক বিচাৰিবলৈ ল'লে তাইও গম নাপায়। এসময়ত চিগাৰেটৰ গোন্ধ সহিব নোৱাৰিছিল তাই। আনকি তাইৰ বাবেই অনুৰণে চিগাৰেট খোৱা একেবাৰেই এৰি দিলে। কিন্তু তা...

ৰাধা খণ্ড : ১

 #ৰাধা Part 1 প্ৰত্যেক মানুহেই নিজৰ সৈতে এখিনি কাহিনী জীয়ন দি ৰাখে, লগত লৈ ফুৰে উশাহৰ দৰে। নিঃসংগতাৰ আউসী নিশাত সেই কাহিনীবোৰ জোনাক হয়। কঁপি থকা দুভৰিৰ সঁহাৰি হয়। কেতিয়াবা কোনোবাই কাহিনীবোৰ উলিয়াব পাৰে, কোনোবাই নোৱাৰে। শেষ হয় উশাহৰ সৈতে। উশাহৰ সিপাৰেও থাকে নেকি কাহিনী, নাজানো। কিন্তু সেই কাহিনীবোৰত সংগ্ৰাম থাকে। মিলন বা বিচ্ছেদৰ পৰিধি ভেদি কিছুমান কাহিনীৰ সৃষ্টি হয় সমাজৰ বাবে, মানুহৰ বাবে। নিয়মৰ নাম দি পৰম্পৰাৰ নাম দি এখিনি মানুহক হেঁচি অহা শুহি অহা অন্যায়ৰ বিৰুদ্ধে চলে এনে কাহিনী। প্ৰেমৰ শক্তিত ভঙা যায় নিয়ম নামৰ দেৱাল। ৰাধাৰ কাহিনীও তেনেকুৱাই। সমাজৰ অন্যায়ৰ বিৰুদ্ধে এটা প্ৰচণ্ড চিঞৰ হৈ যেন জন্ম হৈছিল ৰাধাৰ। যেন এক বিশেষ উদ্দেশ্য লৈ পৰমপিতাই গঢ়িছে অদম্য সাহসী এই ছোৱালীজনীক। গকুলৰ যমুনাতীৰৰ সেই আলফুল ৰাধা নহয়, কৃষ্ণৰ প্ৰেমত যি চিৰকাল বিলীন। এয়া লখিমী নৈৰ পাৰৰ গোবিন্দপুৰৰ ৰাধা, যাৰ হাঁহিত গোবিন্দপুৰত বলে চঞ্চল পছোৱা, যাৰ গর্জনত বলে ধুমুহা, যাৰ খোজত ফুলিব খোজা কৃষ্ণচূড়াও লাজত মৰহি যায়। গোবিন্দপুৰ ; যান্ত্ৰিকতাৰ পৰা বহু দূৰৈত এখন অসমীয়া গাঁও। অসমক ভাল পোৱা এজাক মানুহৰ গাঁও। গোবিন্দপুৰত...

ৰাধা : আৰম্ভণি খণ্ড

 #ৰাধা আৰম্ভণি খণ্ড : "....শেষৰ পৰা যি আৰম্ভ হয়, তাৰ শেষ কেতিয়াও নহয়।" প্ৰতিটো কাহিনীৰ শেষ থাকিবই যে লাগিব তাৰতো কোনো মানে নাই। কিছুমান কাহিনীয়ে শেষ স্বীকাৰ নকৰে। শেষৰ সৈতে যুঁজি নিজৰ এটা বাট সাজি লয়। কৃষ্ণচূড়াবুলীয়া বাট এটা কেতিয়া সেন্দূৰীয়া হৈ পৰে সেয়া উমান লেখকেও নাপায়। কাহিনীবোৰৰো নিজাকৈ এটা উপ কাহিনী থাকে। য'ত চৰিত্ৰবোৰে নিজৰ সৈতে কথা পাতে। সমাপ্তি নামৰ দেৱাল ভাঙি য'ত গঢ়া যায় আৰম্ভণি নামৰ বাট। এঘাৰ মহলাৰ ওপৰৰ এটা আটকধুনীয়া ফ্লেট। সোমোৱা দুৱাৰখনৰ কাষতে বোৰ্ড এখনত লিখা আছে, "ভালপোৱাৰ কাঞ্চন" আৰু তলত দুটা বিশেষ নাম। তাৰ পৰা সোমায়েই বৃহৎ লিভিং ৰুম। তাৰ সোঁফালে পাকঘৰ, পাকঘৰটো পাৰ হৈয়ে এটা গোঁসাই ঘৰ। ৰাধাকৃষ্ণৰ যুগল মূৰ্তি এভাগ আছে। লিভিং ৰূমটোত সন্মুখৰ ফালে আধুনিক চোফা। আৰু ৱালত লাগি এখন ডাইনিং। ৰূমটোৰ সিফালে আন এযোৰ চোফা, সমুখত প্ৰকাণ্ড টিভিটো। ৰূমটোৰ বাওঁফালে তিনিটা ডাঙৰ বেডৰুম। আৰু এটা অলপ সৰু ৰুম। মাজত কৰিডৰ। এটা বেডৰুমৰ লগত সংলগ্ন হৈ আছে বেলকণি এটা। সেই বেলকণিটোতে থিয় হৈ তলৰ মহানগৰখন চালে সন্ধ্যাই, সন্ধ্যা ৰাগিনী বৰুৱাই। হাতত একাপ কফি। অলপ আগতে গা ধোৱাৰ...