ৰাধা : খণ্ড ১২
#ৰাধা Part 12 জীৱনত বহু কিবা কিবি নালাগে। কিন্তু ভাঙি পৰাৰ সময়তে, ৰৈ যোৱাৰ সময়তে যে নোকোৱাকৈ বুজি পাই কোনোবাই কয়, "মই আছোঁ", উফ... আকাশৰ সমস্ত জোনাক যেন বুকুৰ মাজতে ফুলে! এই ক্ষেত্ৰত সন্ধ্যা ঈর্ষণীয় ভাবে চহকী। আচলতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তিয়ে হৈছে ভালপোৱাৰ শক্তি আৰু আটাইতকৈ ডাঙৰ সাহসেই হৈছে প্ৰেমৰ সাহস। নহ'লেনো গোটেই পৰিয়ালৰ বিৰুদ্ধে গৈও সন্ধ্যা অনুৰণৰ হ'ব পাৰে নে! কিমান দিন হ'ল, সন্ধ্যা নিজৰ আপোন ঘৰখনলৈ নোযোৱা! কিমান দিন হ'ল, নিজৰ পৰিয়ালৰ মানুহখিনিৰ মাত নুশুনা। আচলতে এনে নহয় যে সন্ধ্যা তালৈ গ'লে কোনোবাই খেদি পঠাব। দুই এবাৰ তেওঁলোকে যোগাযোগ ও কৰিছিল। কিন্তু সন্ধ্যাই নোৱাৰিলে। তাইৰ ভালপোৱাক অপমান কৰি পৰিয়ালৰ মানুহে কৰা সেই কথাৰ শেলবোৰ তাই মনৰ পৰা আঁতৰাব নোৱাৰিলে, "কলেজৰ প্ৰফেছৰনী হৈ তই এতিয়া সেই বেকাৰটোলৈ যাবি নে? এ.পি.এছ.চি লৈ পঢ়িহে আছে। পাবই বুলি ক'ত লিখা আছে। পালে বেলেগ কথা বাৰু!" ফেঁটী সাপৰ দৰে ফেট তুলি উঠিছিল সন্ধ্যাই, "মই অনুৰণক ভাল পাওঁ। বিয়া তালৈহে হ'ম। তাৰ চাকৰিটোলৈ বিয়া নহওঁ। বাকী আমাৰ সংসাৰ চলাবলৈ আপোনালোকে ভাবিব নালাগে।...